উচ্ছেদৰ জাননীৰ পিছতেই পলায়ন কৰিলেও থাকিবলৈ বিচাৰি আছে সুৰুঙা । ইয়াৰ মাজতেই বেদখলকাৰীয়ে ক’লে, “আমি ক’তো ত্ৰিপাল লগাইও থাকিব নোৱাৰিম ।”উৰিয়ামঘাট সীমান্তৰ ৰেংমা বনাঞ্চল বেদখল কৰা সন্দেহজনক লোকক উচ্ছেদৰ জাননী দিয়াৰ পিছতেই ভয়ত পলায়ন কৰিছে হাজাৰ হাজাৰ বেদখলকাৰী । উজনি অসমৰ সংখ্যালঘুৰ অভিকেন্দ্ৰ উৰিয়ামঘাট সীমান্তৰ পৰা পলায়ন কৰিছে হাজাৰ হাজাৰ বেদখলকাৰী; কিন্তু তেওঁলোক ক’লৈ গৈছে ?বন বিভাগৰ পৰা জাননী লাভ কৰাৰ পিছত পলায়ন কৰা লোকৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা গৈছে । উচ্ছেদৰ ভয়ত সীমান্ত এৰি পলায়ন কৰা বেদখলকাৰীসকলৰ একাংশই এতিয়া সৰুপথাৰ সমজিলাৰ নাওজান কৈৰীগাঁৱত উপস্থিত হৈছে । নাওজানৰ কৈৰীগাঁৱত সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে একাংশ বেদখলকাৰীয়ে । কৈৰীগাঁৱত থাকিবলৈ লওঁতেই ১২ টা পৰিয়ালক আটক কৰিছে নাওঁজান আৰক্ষীয়ে ।
