এঘন্টা ধৰি বন্ধ হৈ পৰিল উজনি -নামনিৰ যাতায়ত।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাঞ্চনজুৰিত সংঘটিত হৈছে এই ঘটনা।
কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি বন্ধ হৈ পৰিল উজনি -নামনিৰ যাতায়ত।
নিশাৰে পৰা ধাৰাষাৰ বৰষুণ দিয়াৰ ফলত পথৰ কাষৰ মাটি কুমলি পৰিছিল।
যাৰ ফলত প্ৰকাণ্ড গছ বাগৰি বন্ধ হৈ পৰে যাতায়ত।
ইতিমধ্যে বনবিভাগ, আৰক্ষী, নগাঁও জিলা পৰিবহণ বিভাগৰ লোক উপস্থিত হৈ গছ জোপা পথৰ পৰা আতৰাবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
উল্লেখ্য যে যোৱাকালিও কলিয়াবৰৰ হাৰমতিৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি বহু সময় ধৰি বন্ধ হৈ পৰিছিল উজনি -নামনিৰ যাতায়ত।
