ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি আহমেদৰ গোপন খৱৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলে গোপনে ওদালগুৰি জিলাৰ ওৰাং মাজবাট অঞ্চলত চলায় চালান বিহীন টেক্টৰ বিচাৰি তালাচী অভিযান। বন কৰ্মীৰ উক্ত অভিযানত মাজবাটৰ পাচঁনৈ নদীৰ পৰা চালান বিহীন ভাবে বালি ভৰ্তি কৰি আনি থকা অৱস্থাত দেৱালখণ্ড গাওঁৰ পৰা নাম্বাৰ বিহিন টেক্টৰ এখন জব্দ কৰে আনহাতে আন এখন নাম্বাৰ বিহিন বালি ভৰ্তি টেক্টৰ জব্দ কৰে ওৰাঙৰ হাবিগাওঁৰ পৰা।পিছত বন বিভাগৰ দলে জব্দ কৰা দুয়োটা টেক্টৰ মাজবাট বন বিভাগৰ কাৰ্য্যালয়ত লৈ আনে।উল্লেখ্য যে ওদালগুৰি জিলাত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কুৱেৰী সমুহ বন্ধ কৰি ৰখাৰ পিছতো একাংশ অসাধু চক্ৰয় নিশা হ’লেই সোজুগ বুজি পাথৰ বালি ,বল্ড আদি কঢ়িয়াই নিয়াৰ চেষ্টা চলাই গৈছে।
Latest article
উত্তৰ-পূব ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিৰ পথ প্ৰশস্ত কৰিছে পিএনবি হাউচিং ফাইনেন্স আৰু আধাৰ হাউচিং ফাইনেন্সে
পিএনবি হাউচিং ফাইনেন্স লিমিটেড আৰু আধাৰ হাউছিং ফাইনেন্স লিমিটেডে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে শাখা মুকলি কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে।...
আলমণ্ডে কাৰ্ডিঅ’মেটাবলিক(হৃদযন্ত্ৰ-সম্পৰ্কীয়) স্বাস্থ্য ভালে ৰখা আৰু ওজন ব্যৱস্থাপনাত সহায় কৰে : বিশেষজ্ঞসকলৰ ঐক্যমত
দৈনিক আলমণ্ড খালে হৃদযন্ত্ৰ(কাৰ্ডিওমেটাবলিক) স্বাস্থ্য ভালে ৰখাত যথেষ্ট সহায় কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন ব্যৱস্থাপনা আৰু অন্ত্ৰৰ মাইক্ৰ’বায়’ম ভালে ৰখাতো সহায় কৰে, শেহতীয়াকৈ পিৰ ৰিভিউড...
কেঁচা মটৰৰ উপকাৰীতাৰ বিষয়ে জানেনে
আমাৰ মাজৰ বেছিভাগেই সেউজীয়া কেঁচা মটৰৰ সোৱাদ ইমানেই ভালপায় যে বাকলি গুচোৱাৰ সময়তো ইয়াৰ কেইবাটাও দানা খাই থকা হয় । যদি আপুনি ইয়াক আপোনাৰ...