জনতাৰ বাবে আহিল বেয়া খবৰ

77

সাধাৰণ জনতাৰ বাবে এটা দুঃখবৰ । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য । ৰাজহ বিভাগৰ এক অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । নতুন নিৰিখ অনুসৰি প্ৰতি লিটাৰত বাঢ়িব ২ টকাকৈ আবকাৰী শুল্ক । বৰ্তমান চৰকাৰে পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত ১৯.৯০ টকা আবকাৰী শুল্ক হিচাপে আদায় কৰে । মঙলবাৰৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’লত এই নিৰিখ বৃদ্ধি পাব ২১.৯০ টকাকৈ । ডিজেলৰ মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰত এই নিৰিখ বৃদ্ধি পাব ১৭.৮০ টকালৈ ।