যশপ্ৰীত বুমৰাহৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই খেলপথাৰত দেখিবলৈ পাব বুমৰাহক। আই পি এল ২০২৫ ত প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে বুমৰাহ। পিছে কেতিয়া তেওঁক দেখিবলৈ পোৱা যাব?৭ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছ (MI)য়ে ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)ৰ বিৰুদ্ধে খেলিব। ইতিমধ্যে বুমৰাহে দলত যোগদান কৰিছে। কিন্তু কাইলৈ অনুষ্ঠিত হবলগীয়া মেচৰ প্লেয়িং-১১ ত বুমৰাহে স্থান লাভ কৰে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।