আজি পবিত্ৰ অশোকাষ্টমী

69

অশোকাষ্টমী উপলক্ষে লোকাৰণ্য শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাট । ৭ দিনীয়াকৈ আয়োজন কৰা হৈছে অশোকাষ্টমী বিশেষ মেলাৰ ।আজি পবিত্ৰ অশোকাষ্টমী । জনবিশ্বাস অনুসৰি এই দিনটোতে পবিত্ৰ গংগাৰ পানী ব্ৰহ্মপুত্ৰত মিলিত হয় । যাৰ বাবে এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে পাপ খণ্ডন হয় বুলি কোৱা হয় । সেয়েহে ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত চ’ত মাহৰ শুক্লাষ্টমীৰ বিশেষ দিনটোত লোকসকলে পবিত্ৰ স্নান কৰা দেখা গৈছে ।কলিয়াবৰৰ লুইতৰ পাৰত এইবাৰ আয়োজন কৰা ১০৬ সংখ‍্যক শিলঘাট অশোকাষ্টমী মেলাত শ শ অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমাগম দেখা গৈছে ।