মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমবাৰলৈ চেম্পিয়ন খিতাপ দখল নিউজিলেণ্ডৰ

7

অভিজ্ঞ এমেলিয়া কেৰৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত দেওবাৰে ইয়াত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডে প্ৰতিদ্বন্দি দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰে। ‘প্লেয়াৰ অফ দ্য মেচ’ কেৰে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰি মেচখনত নিউজিলেণ্ডৰ আধিপত্য প্ৰতিষ্ঠা কৰাৰ পিছত তিনিটা উইকেট দখল কৰে। তেওঁ ব্ৰুক হেলিডেৰ (৩৮) সৈতে চতুৰ্থ উইকেটৰ বাবে ৪৪ টা বলত ৫৭ ৰানৰ অংশীদাৰীত্ব কৰি এটা ডাঙৰ স্ক’ৰৰ ভেটি স্থাপন কৰে।

প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছত নিউজিলেণ্ডে পাঁচ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰাৰ পিছত যোৱাবাৰৰ ৰানাৰ্ছ আপ দল দক্ষিণ আফ্ৰিকাই ন উইকেটত ১২৬ ৰানহে অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ সৈতে তেওঁলোকৰ চেম্পিয়ন হোৱাৰ সপোন পূৰণ নহয়।

 দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক লৰা ৱুলভুৰ্টে ২৭ টা বলত ৩৩ ৰানৰ অৱদান আগবঢ়াই কিন্তু তেওঁ দলৰ আন বেটছমেনসকলৰ পৰা ভাল অৱদান লাভ কৰা নাছিল। কেৰৰ উপৰিও ৰোজমেৰী মেয়াৰে নিউজিলেণ্ডৰ হৈ তিনিটা উইকেট দখল কৰে। ইডেন কাৰ্চন, ফ্ৰান জোনাছ আৰু হলিডেয়ে এটাকৈ সফলতা লাভ কৰে।