২,০৯,৯০০ টকাত মুকলি হ’ল নতুন য়েজদি এডভেঞ্চাৰ, নতুন মাত্ৰা প্ৰদান কৰিলে এডভেঞ্চাৰ বাইক ছেগমেণ্টক

90

দুঃসাহসিক মটৰ চাইকেল ছেগমেণ্টত বজৰ দখলৰ লক্ষ্যৰে ২,০৯,৯০০ টকা (এক্স শ্ব’ৰুম দিল্লী) প্ৰতিযোগিতামূলক মূল্যত অভিযান্ত্ৰিক দক্ষতা আৰু চমকেৰে ন ৰূপত সাজি উলিওৱা নতুন য়েজদি এডভেঞ্চাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে জাৱা য়েজদি মটৰ চাইকেলে। য়েজডি এডভেঞ্চাৰত নতুন আলফা২, ৩৩৪চিচি লিকুইড-কুল ইঞ্জিন প্ৰদান কৰা হৈছে, যিয়ে মসৃণ প্ৰদৰ্শনৰ বাবে ২৯.৬পিএছ আৰু ২৯.৯এনএম প্ৰদান কৰিছে। এই ইঞ্জিনে নতুন কেন্দ্ৰীয় এক্সজেষ্ট ৰুটিঙৰ সৈতে উন্নত থাৰ্মেল(তাপ) ব্যৱস্থাপনা আৰু বৰ্ধিত ৰাইডিং অভিজ্ঞতা নিশ্চিত কৰা হৈছে।

এই বাইকখনে একত্ৰিত মূল কেজ(পিঞ্জৰা) আৰু নতুন ডেকেল পেনেলৰ সৈতে নতুন ডিজাইন সগৌৰৱে প্ৰদান কৰিছে। ৰাইডাৰসকলে চাৰিটা আকৰ্ষণীয় ৰঙৰ পৰা পচন্দ অনুসৰি নিৰ্বাচন কৰিব পাৰে: গ্লেচিয়াৰ হোৱাইট ডিটি, মেগনাইট মেৰুন ডিটি, উল্ফ গ্ৰে ডিটি আৰু টৰ্নেডো ব্লেক। ইয়াত ২২০ মি.মি.ৰ শ্ৰেণীটোৰ ভিতৰতে শ্ৰেষ্ঠ গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু উচ্চ মানদণ্ডৰ অফ-ৰোড ক্ষমতাৰ বাবে লং-ট্ৰেভেল ছাচপেনচন প্ৰদান কৰা হৈছে।

এটা শক্তিশালী নতুন ছাম্প গাৰ্ডে ইঞ্জিনৰ সুৰক্ষা আৰু স্থায়িত্ব বৃদ্ধি কৰিছে, যাৰ ফলত ই ৰুক্ষ দুঃসাহসিক অভিযানৰ বাবে আদৰ্শ হৈ পৰিছে। বাইকখনত ৰাইড মোড, টাৰ্ন বাই টাৰ্ন নেভিগেচন, ব্লুটুথ সংযোগ আৰু ফোন চাৰ্জাৰৰ দৰে উন্নত প্ৰযুক্তি সুবিধাসমূহো আগবঢ়োৱা হৈছে। জাৱা য়েজদি মটৰ চাইকেলৰ চিইঅ’ আশিস সিং যোশীয়ে এই বিষয়ে কয় যে, “আমি আকৰ্ষণীয় ডিজাইন, উন্নত সুবিধা আৰু অতুলনীয় প্ৰদৰ্শনৰ নিখুঁত ত্ৰিমূৰ্তি সৃষ্টি কৰিছোঁ। নতুন য়েজদি এডভেঞ্চাৰ কেৱল এক উন্নীতকৰণ বাহনেই নহয় – এই মটৰ চাইকেলখন হৈছে এই কেটেগৰীৰ যুগান্তকাৰী বিপ্লৱ, যিয়ে দুঃসাহসিক ৰাইডাৰসকলৰ বাবে এক নতুন মাপদণ্ড স্থাপন কৰিছে।” মটৰ চাইকেলৰ ভেৰিয়েন্ট আৰু মূল্যসমূহ হৈছে-টৰ্নেডো ব্লেক: ২,০৯,৯০০ টকা, মেগনাইট মেৰুণ ডিটি: ২,১২,৯০০ টকা, উল্ফ গ্ৰে ডিটি: ২,১৫,৯০০ টকা, গ্লেচিয়াৰ হোৱাইট ডিটি: ২,১৯,৯০০ টকা।