উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্ৰ্যৰ বুকুত পুনৰবাৰ এক বিৰল প্ৰজাতিৰ সন্ধান পোৱা গৈছে। মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰাণীবিন্যাস বিভাগৰ বিজ্ঞানী আৰু ৰাছিয়া, জাৰ্মানী তথা ভিয়েটনামৰ গৱেষকৰ এটা দলে ৰাজ্যখনত ‘ৰিড স্নেক’ (Reed Snake) বা নল-সাপৰ এটা নতুন প্ৰজাতি চিনাক্ত কৰিছে। দীৰ্ঘদিন ধৰি অন্য এক প্ৰজাতিৰ সৈতে একে বুলি ভুল কৰি অহা এই সাপবিধক এতিয়া বৈজ্ঞানিকভাৱে এক পৃথক প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে।
মিজোৰাম বিশ্ববিদ্যালয়ৰ অধ্যাপক এইচ টি লালৰেমছাংগাই জনোৱা মতে, ৰাজ্যখনৰ নামেৰে এই নতুন প্ৰজাতিটোৰ নাম ‘কেলামেৰিয়া মিজোৰামেনছিছ’ (Calamaria Mizoramensis) ৰখা হৈছে। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান পত্ৰিকা ‘জুটাক্সা’ত (Zootaxa) এই গৱেষণাৰ তথ্য প্ৰকাশ পায়।
২০০৮ চনতে মিজোৰামত এই সাপবিধৰ নমুনা সংগ্ৰহ কৰা হৈছিল যদিও ইমান দিনে ইয়াক দক্ষিণ-পূব এছিয়াৰ অন্য এক প্ৰজাতিৰ অন্তৰ্ভুক্ত বুলি ধৰি লোৱা হৈছিল। কিন্তু শেহতীয়া ডিএনএ বিশ্লেষণত দেখা গৈছে যে ইয়াৰ জিনীয় গাঁথনি নিকটতম প্ৰজাতিৰ তুলনাত ১৫ শতাংশতকৈও অধিক পৃথক।
আইজল, মামিত আৰু কোলাছিব জিলাৰ পাহাৰীয়া বনাঞ্চলত পোৱা এই সাপবিধ বিষহীন আৰু মানুহৰ বাবে কোনো ভাবুকি নহয়। প্ৰায় ৬৭০ ৰ পৰা ১,২৯৫ মিটাৰ উচ্চতাৰ আৰ্দ্ৰ বনাঞ্চলত বাস কৰা এই বিৰল সাপবিধ নিশাচৰ প্ৰকৃতিৰ।
বিজ্ঞানীসকলৰ মতে, বৰ্তমানলৈকে কেৱল মিজোৰামতে ইয়াৰ অৱস্থিতি নিশ্চিত কৰা হৈছে যদিও ওচৰ-চুবুৰীয়া অসম, মণিপুৰ আৰু নাগালেণ্ডতো ইয়াৰ উপস্থিতিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই আৱিষ্কাৰৰ লগে লগে মিজোৰামত পোৱা মুঠ সৰীসৃপ প্ৰজাতিৰ সংখ্যা ১১৭ টালৈ বৃদ্ধি পালে।
