ৰাজ্যত নতুন SOP জাৰি, জানক সৱিশেষ…

106

কোভিড প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP নীতি-নিৰ্দেশনা। আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন নিৰ্দেশনা সমূহৰ বিষয়ে সংবাদ মেল যোগে অৱগত কৰে। বুধবাৰৰ পৰা অৰ্থাৎ ৭ জুলাইৰ পৰা এই নতুন নীতি-নিৰ্দেশনাসমূহ কাৰ্যকৰী হব।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোভিড সংক্ৰমণৰ ওপৰত ভিত্তি কৰি এইবাৰ জিলাসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে। ৭ জুলাইৰ পৰা গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ জিলাকেইখনক এসপ্তাহৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। এই জিলা কেইখনত সন্ধিয়া ৫ বজালৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

ইফালে ১৬ খন জিলাত দিনৰ ১ বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। ২ বজাৰ পৰা এই জিলা কেইখনত নৈশ সান্ধ্য আইন বলবৎ হব। জিলা কেইখন হৈছে ক্ৰমে- শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং।

আনহাতে কামৰূপ মহানগৰৰ লগতে দক্ষিণ শালমাৰা, চিৰাং, ওদালগুৰি, মাজুলী, বঙাইগাঁও,পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত বিয়লি ৪ বজালৈকে দোকান পোহাৰ খোলা থাকিব বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। এই জিলা কেইখনত সন্ধিয়া ৫ বজাৰ পৰা বলবৎ হব নৈশ সান্ধ্য আইন।

কামৰূপ মহানগৰ জিলাত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰত বিয়লি ৪ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হ’লেও বিশেষ দৃষ্টি ৰখা হব বুলিও সংবাদ মেলত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নতুন নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত ৰাজ্যত পূৰ্বৰ দৰেই আন্তঃজিলা যাতায়ত লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।