আজৰি পৰা ৰাজ্যত কাৰ্যকৰী হব নতুন SOP

105

ৰাজ্যত আজিৰে পৰা কাৰ্যকৰী হব নতুন এছঅ’পি। অসমৰ শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন এছঅ’পি জাৰি কৰা সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল যোগে ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰা মতে, এসপ্তাহৰ বাবে নতুন এছঅ’পি কাৰ্যকৰী কৰা হব।

বিশ্বনাথ, মৰিগাঁও, গোলাঘাট মহকুমা আৰু গোৱালপাৰা জিলাৰ অনিয়ন্ত্ৰিত কোভিড পৰিস্থিতিৰ বাবে জিলা চাৰিখনত কন্টে’নমেণ্ট ঘোষণা কৰা হৈছে। আনহাতে কামৰূপ মহানগৰত সন্ধিয়া ৪ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰা হৈছে। স্বাস্থ্য বিভাগে নতুন এছঅ’পিত ঘোষণা কৰা অনুসৰি কামৰূপ মহানগৰত বিয়লি ৩ বজালৈকে দোকান-পোহাৰসমূহ খোলা ৰাখিব পাৰিব। আনহাতে অন্যান্য জিলাসমূহত পূৰ্বৰ দৰেই বাহাল থাকিব কোভিড বিধি। অহা এসপ্তাহৰ বাবে আন্তঃজিলা যাতায়ত বন্ধ থাকিব। উল্লেখ্য যে, ৰাজ্যত ২৪৭টা কোৰোণাৰ হটস্পট চিনাক্ত কৰা হৈছে।