তেজপুৰত উদ্বোধন বাজাজ এলিয়ানজ জেনেৰেল ইঞ্চুৰেন্সৰ নতুন কাৰ্যালয়

859

ভাৰতৰ অন্যতম অগ্ৰণী ব্যক্তিগত সাধাৰণ বীমাকৰ্তা প্ৰতিষ্ঠান বাজাজ এলিয়ানজ জেনেৰেল ইঞ্চুৰেন্সে তেজপুৰত নতুন কাৰ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই কৌশলগত সম্প্ৰসাৰণৰ লক্ষ্য হৈছে ভাৰতৰ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহত বীমাৰ প্ৰৱেশ বৃদ্ধি কৰা, যি আমাৰ নাগৰিকসকলক বিত্তীয় স্থিৰতা প্ৰদান কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এই কাৰ্যালয়টো উদ্বোধনৰ সময়ত উপস্থিত আছিল বাজাজ এলিয়ানজ জেনেৰেল ইঞ্চুৰেন্সৰ জিঅ’ ডিষ্ট্ৰিবিউচনৰ মুৰব্বী ৰোহিত জৈন, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, তেজপুৰ বাৰ এছচিয়েচনৰ উপ সভাপতি বাবুল বৰঠাকুৰসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

বাজাজ এলিয়ানজে তেজপুৰলৈ উদ্ভাৱনীমূলক সামগ্ৰী আৰু সমাধান অনাৰ লক্ষ্য ৰাখিছে, প্ৰযুক্তিৰ দ্বাৰা সমৰ্থিত বহুতো সেৱা আগবঢ়াইছে। নতুন কাৰ্যালয়টোৱে বাজাজ এলিয়ানজ জেনেৰেল ইনশ্বুৰেন্সৰ বাবে কৌশলগত কেন্দ্ৰ হিচাপে কাম কৰিব, ইয়াৰ উপস্থিতি শক্তিশালী কৰিব আৰু অঞ্চলটোৰ গ্ৰাহকৰ কাষ চাপিব। নতুন কাৰ্যালয়টো উদ্বোধন সন্দৰ্ভত মন্তব্য কৰি বাজাজ আলিয়ানজ জেনেৰেল ইনশ্বুৰেন্সৰ মুৰব্বী – জিঅ’ ডিষ্ট্ৰিবিউচন শ্ৰীযুত ৰোহিত জৈনে কয়, “তেজপুৰত নতুন কাৰ্যালয় মুকলি হোৱাৰ লগে লগে আমি বীমা সজাগতাৰ ব্যৱধান দূৰ কৰাৰ এখোজ ওচৰ চাপিছোঁ আৰু বীমাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে দেশৰ প্ৰতিটো পৰিয়ালত উপস্থিত হোৱাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছোঁ।”