নতুন নিছান মেগনাইট সম্পূৰ্ণৰূপে হৈ পৰিছে ই২০ অনুকূল আৰু বাহন ৰপ্তানিত নতুন মাইলৰ খুঁটি অৰ্জন 

8

নিছানে আজি বহনক্ষম গতিশীলতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে নতুন নিছান মেগনাইট বিআৰ১০ প্ৰাকৃতিকভাৱে উদ্বুদ্ধ ইঞ্জিন এতিয়া সম্পূৰ্ণৰূপে ই ২০ সামঞ্জস্যপূৰ্ণ(কম্প্লায়েণ্ট), অধিক শক্তিশালী ১.০ এল এইচ আৰ ১০ টাৰ্বোচাৰ্জড পেট্ৰ’ল ইঞ্জিনলৈ ৰূপান্তৰিত হোৱাৰ কথা সদৰি কৰিছে, যি ২০২৪ৰ আগষ্ট মাহত ই ২০-সংগতিপূৰ্ণ হৈ পৰিছিল। এই অগ্ৰগতিৰ লগে লগে নতুন নিছান মেগনাইটৰ সকলো পাৱাৰট্ৰেইন বিকল্প ই২০ সামঞ্জস্যপূৰ্ণ হৈ পৰিছে।

নিছান মটৰ ইণ্ডিয়াই আন এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে, কিয়নো মেগনাইটে আৰম্ভণিৰে পৰা বিক্ৰীৰ বাবে ৫০,০০০ ইউনিট ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। মুকলিৰ পিছৰে পৰা নতুন নিছান মেগনাইটে শেহতীয়াকৈ ঘোষণা কৰা ভাৰত কৌশল(ষ্ট্ৰেটেজী)ৰ অংশ হিচাপে ঘৰুৱা আৰু ৰপ্তানি বজাৰত পাইকাৰী পৰিমাণ বৃদ্ধি কৰিছে য’ত ঘৰুৱা আৰু ৰপ্তানিৰ পৰিমাণ বৃদ্ধিয়ে ভাৰতক কোম্পানীটোৰ বাবে এক প্ৰধান ৰপ্তানি কেন্দ্ৰ হিচাপে স্থান দিয়াটো অন্তৰ্ভুক্ত কৰিছে।২০২৫ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰাৰ পিছৰে পৰা এল এইচডি সংস্কৰণৰ প্ৰৱৰ্তনে ইয়াক যথেষ্ট বৃদ্ধি কৰিছে।

নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই কথা সদৰি কৰি কয় যে,”নতুন নিছান মেগনইটে কেৱল ভাৰততে নহয়, বিশ্বৰ বজাৰতো নিজৰ পদচিহ্নৰ সম্প্ৰসাৰণ কৰিছে, ইতিমধ্যে ৫০,০০০ ৰপ্তানি বিক্ৰীৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।” এছইউভিৰ বলিষ্ঠ আৰু আড়ম্বৰপূৰ্ণ ডিজাইন, ২০+ প্ৰথম আৰু শ্ৰেণীৰ শ্ৰেষ্ঠ বৈশিষ্ট্য আৰু ৫৫+ সুৰক্ষা বৈশিষ্ট্যই ইয়াক সংপৃক্ত এছইউভি খণ্ডত এক উৎকৃষ্ট পছন্দ হিচাপে গঢ়ি তুলিছে।