ৰাজ্যত পুনৰ ২২৮৯জন কোভিড পজিটিভ, ২৬জনৰ মৃত্যু

84

ৰাজ্যত কোভিড সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও বৰ্তমানেও অব্যাহত আছে মহামাৰীৰ ভয়াবহতা। বুধবাৰৰ দিনটোত অসমত পুনৰ ২২৮৯ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ৰাজ্যত কোৰোনা আক্ৰান্ত হৈ পুনৰ ২৬ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে ২২৬জন গোলাঘাটত, ২১১জন লখিমপুৰত, ১৮১জন কামৰূপ মেট্ৰ’ত আৰু ১৫৮জন যোৰহাটত কোৰোনাত আক্ৰান্ত হয়। ইয়াৰ পিছতে ৰাজ্যত কোভিড আক্ৰান্তৰ মুঠ সংখ্যা ৫২৪৫৫৬জনলৈ বৃদ্ধি পাইছে। ইফালে বিগত ২৪ ঘণ্টাত অসমত ৩১৩৬জন কোভিড ৰোগী সুস্থ হৈ উঠিছে।