মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য আৰু ভিডিঅ’ক কেন্দ্ৰ কৰি দেশৰ শীৰ্ষ আদালতত দাখিল হোৱা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত ১২ গৰাকী বিশিষ্ট ব্যক্তিয়ে ন্যায়িক হস্তক্ষেপৰ দাবী জনাইছে। এই আবেদনত আৰু অন্যান্য মুখ্যমন্ত্ৰীসকলৰ বিতর্কিত মন্তব্য, যেনে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘কঠমোল্লা’ মন্তব্য, মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতীশ ৰাণেৰ সাম্প্ৰদায়িক ভাষণৰ প্রসঙ্গো উত্থাপন কৰা হৈছে। আবেদনকাৰীসকলে অভিযোগ কৰিছে যে, এই মন্তব্যসমূহ ৰাষ্ট্ৰৰ ধর্মনিৰপেক্ষ চৰিত্ৰ আৰু সামাজিক সম্প্ৰীতিৰ বাবে এক মুখ্য ভাবুকি সৃষ্টি কৰিছে। তেওঁলোকে আদালতৰ পৰা উচ্চ সাংবিধানিক আৰু প্রশাসনিক পদত থকা ব্যক্তিসকলৰ মন্তব্যৰ বাবে এক স্পষ্ট নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছে। আবেদনৰ লক্ষ্য হৈছে সমাজত বিভাজন সৃষ্টি হোৱা ঘৃণা ভাষণৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা। উচ্চতম ন্যায়ালয়ৰ ওপৰত দৃষ্টিৰ কেন্দ্ৰিত হৈছে, য’ত এই সমস্যাৰ সমাধানৰ বাবে নতুন ধাৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
