নেটৱৰ্ক১৮-য়ে‘গ্ৰীণ ভাৰত’সন্মিলনৰ প্ৰথম সংস্কৰণৰ জৰিয়তেভাৰতৰ সেউজ গতিশীলতা যাত্ৰাক ত্বৰান্বিত কৰি তুলিছে

64

ভাৰতৰ আগশাৰীৰ সংবাদ মাধ্যমৰ গোট নেটৱৰ্ক১৮-য়েভাৰতৰ সৰ্ববৃহৎ পিউৰ-প্লে ইলেকট্ৰিক বাহন (ইভি) কোম্পানী অ’লা ইলেক্ট্ৰিক-ৰ সহযোগত বাৰ্ষিক সন্মিলন (কনক্লেভ)গ্ৰীণ ভাৰত-ৰ উদ্বোধনী সংস্কৰণৰ সামৰণি মাৰে৷ ইভিবোৰৰ অৰ্থনৈতিক, পৰিৱেশগত আৰু সামাজিকলাভালাভসমূহৰ বিষয়ে সম্বোধন কৰি ভাৰতৰ ধাৰণক্ষম গতিশীলতালৈ ৰূপান্তৰণৰ বাবে আখ্যান গঢ় দিয়াৰ একে সময়তে ইয়াৰ ব্যাপক গ্ৰহণৰ আশেপাশে বাধাৰ সৃষ্টি কৰা মুখ্য প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাটো এই অনুষ্ঠানটোৰ লক্ষ্য আছিল৷ এই বৈশিষ্টপূৰ্ণঅনুষ্ঠানটোৱেভাৰতত বৈদ্যুতিক যাতায়াতৰ ভৱিষ্যতৰ বাবে এক ঐক্যবদ্ধ ৰোডমেপৰ লেখচিত্ৰ তৈয়াৰ কৰিবলৈ নীতি-নিৰ্ধাৰক, নিৰ্মাতা, উদ্যোগৰ অগ্ৰণীসকলৰ লগতেস্থায়িত্বৰ প্ৰতি থকা সমৰ্থকসকলক একত্ৰিত কৰি তুলিছিল৷ইউনিয়ন মিনিষ্টাৰ অৱ ৰোড ট্ৰেন্সপোৰ্ট এণ্ড হাইওৱেজ শ্ৰী নীতিন গাডকাৰী আৰু ইউনিয়ন মিনিষ্টাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী শ্ৰী পিয়ুষ গোৱেল-কে ধৰি বিশিষ্ট অতিথিসকলে কনক্লেভখনত সন্মানীয় অতিথি হিচাপে শোভা বঢ়ায়৷ অনুষ্ঠানটোত ভাষণ দি শ্ৰী নীতিন গাডকাৰী-য়ে গুৰুত্ব আৰোপ কৰি কয়, ‘‘বছৰ বাগৰি যোৱাৰ সৈতে আমি সেউজ যাতায়াত খণ্ডত অবিশ্বাস্যভাৱে অগ্ৰগতি লাভ কৰি আহিছো৷ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰতৰ ধাৰণীয় ভৱিষ্যতৰ অভিলাষী দৃষ্টিভংগীয়ে আমাক সঠিক পথৰে আবঢ়াই লৈ যোৱাৰ লগতেসঁচা অৰ্থত এই ক্ষেত্ৰত আকাশখনেই হৈছে সীমা৷ বৰ্তমানৰ জ্ঞান আৰু সম্পদৰ পৰিৱেশ তন্ত্ৰৰ লগতে গৱেষণা আৰু উদ্ভাৱনক পৰিচালিত কৰা যুৱ মনবোৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মই নিশ্চিত যে অহা পাঁচ বছৰৰ ভিতৰত ভাৰত ইভি নিৰ্মাণৰ সৰ্ববৃহৎ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰিব৷’’


শ্ৰী পিয়ুষ গোৱেল-য়ে এই মনোভাৱক প্ৰতিধ্বনিত কৰি কয়, ‘‘এফএএমই I আৰু II-ৰ দৰে ৰূপান্তৰকাৰী পদক্ষেপসমূহৰ দ্বাৰা পৰিচালিত হৈ ইভি উদ্যোগক স্ব-নিৰ্ভৰশীলতা অৰ্জন কৰোৱাৰ লগতে নিজকে গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শক্তিশালী কৰি তুলিভাৰতৰ সেউজ যাতায়াত বিপ্লৱ সঠিক পথেৰেআগবাঢ়ি আছে৷ বিশ্বৰ অন্যতম বৃহৎ নবীন বাহন বজাৰসমূহৰ ভিতৰৰ এখন হিচাপে ভাৰতে ইভি ৰূপান্তৰণৰ নেতৃত্ব দিয়াৰ এক অনন্য সুযোগ লাভ কৰিছে৷ চৰকাৰেপ্ৰতিটো নীতিগত সিদ্ধান্তৰ মূলতে উদ্ভাৱনক প্ৰতিপালন কৰা, শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলা আৰু ধাৰণীয়তা নিশ্চিত কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ মিছন লাইফ আৰু সেউজ শক্তিৰ ওপৰত সামূহিকভাৱে মনোনিৱেশ কৰাৰ জৰিয়তে আমি পৰিচ্ছন্ন, সেউজীয়া আৰু অধিক স্ব-নিৰ্ভৰশীল ভৱিষ্যতৰ দিশত অগ্ৰসৰ হৈ আছো৷’’


অনুষ্ঠানটোৰ সফলতাৰ সন্দৰ্ভত মন্তব্য কৰি নেটৱৰ্ক১৮ (ব্ৰডকাষ্ট)-ৰ চীফ এক্সেকিউটিভ অফিচাৰ আৰু এইটিএন১৮-ৰ মেনেজিং ডাইৰেক্টৰ অবিনাশ কৌল-য়েকয়, ‘‘মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ধাৰণীয় আৰু আত্মনিৰ্ভৰশীল ভৱিষ্যতৰ বাবে থকা অভিলাষীদৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ভাৰত যাতায়াতৰ এক ৰূপান্তৰকাৰীস্থানান্তৰণৰ দুৱাৰদলিত থিয় দিছে৷এই গ্ৰীণ ভাৰত মঞ্চখনেআমাৰ দেশখনৰ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্তৰ আখ্যান গঢ়ি তুলিবলৈ দূৰদৰ্শী, উদ্ভাৱক আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি তুলিছে৷ এই অনুষ্ঠানটো এক আলোচনাতকৈও অধিক আছিল – ই আছিল ভাৰত আৰু বিশ্বজুৰি, প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ লগতে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি ইভি গ্ৰহণ ত্বৰান্বিত কৰাৰ দিশত এক সামূহিক পথ গঢ়ি তুলিবলৈ মনবোৰ একত্ৰিত কৰি তোলা৷ ইয়াত হোৱা কথোপকথনবোৰেধাৰণীয়তা আৰু উদ্ভাৱনে ভাৰতত যাতায়াতক পুনৰ সংজ্ঞায়িত কৰিবলৈ একত্ৰিত হোৱা গভীৰ সাংস্কৃতিক আধাৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সহযোগিতাক প্ৰতিপালন কৰাৰ লগতেযৌথ উদ্দেশ্যৰ অনুভূতি সৃষ্টি কৰাৰ দ্বাৰাগ্ৰীণ ভাৰত-য়ে কেৱল উদ্যোগসমূহৰেই নহয় লগতে এটা সমগ্ৰ জাতিৰ মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত সামূহিক কৰ্মপ্ৰক্ৰিয়াৰ শক্তি প্ৰদৰ্শন কৰিছে৷ এই সন্মিলনখন ভাৰতক সেউজ গতিশীলতাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ এক ঐক্যবদ্ধ প্ৰচেষ্টাৰ আৰম্ভণি হিচাপে চিহ্নিত হৈ পৰিছে৷’’