নেষ্টলে ইণ্ডিয়াই ভাৰতৰ ৭ খন নিৰ্বাচিত পৰ্যটন চহৰত আৱৰ্জনা ব্যৱস্থাপনা প্ৰচেষ্টা প্ৰকল্প হিলদাৰীৰ ৫ বছৰ উদযাপন কৰিছে। প্লেন ফাউণ্ডেচন, ষ্ট্ৰী মুক্তি সংগঠন আৰু কাৰিকৰী অংশীদাৰ ৰেচিটী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে এই প্ৰকল্পৰ জৰিয়তে বিগত ৫ বছৰত আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে সামগ্ৰিক আৰু স্থিতিস্থাপক আৰ্হি প্ৰস্তুত কৰিছে।
বৰ্তমান এই প্ৰকল্প পণ্ডা, মুচৌৰী, মহাবলেশ্বৰ, মুন্নাৰ, ডেলহাউছি, দাৰ্জিলিং আৰু পালমপুৰত কাৰ্যক্ষম হৈ আছে। এই প্ৰকল্পক বাস্তৱত পৰিণত কৰাৰ বাবে সকলো অংশীদাৰক অভিনন্দন জনাইছে নেচলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুৰেশ নাৰায়ণনে।
এই পদক্ষেপৰ অধীনত আৱৰ্জনা নিষ্কাষণৰ সৈতে নিয়োজিত কৰ্মীসকলক পেছাদাৰী কৰি তোলা আৰু বৃত্তিগত আইডি, স্বাস্থ্য বীমা আৰু সুৰক্ষামূলক সঁজুলি প্ৰদান কৰাৰ দিশতো কাম কৰি আছে।