নেচলে ইণ্ডিয়াক “শ্ৰেষ্ঠ উদ্যোগ – মিলেটক মূলসুঁতিলৈ অনাৰ বাবে পণ্য উদ্ভাৱন” বঁটাৰে স্বীকৃতি

666

উচ্চ প্ৰশংসিত “ইণ্টাৰনেচনেল নিউট্ৰি-চিৰিয়েল কনভেনচন ৫.০”ৰ সময়ত নিউট্ৰিহাব, আইচিএআৰ-আইআইএমআৰে নেচলে ইণ্ডিয়াক “মিলেটক মূলসুঁতিলৈ অনাৰ বাবে শ্ৰেষ্ঠ উদ্যোগ – পণ্য উদ্ভাৱন” বঁটাৰে সন্মানিত কৰে। আইআইএমআৰ-আইচিআৰৰ নিউট্ৰিহাবৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত নীতি নিৰ্ধাৰক, উৎপাদক, প্ৰচেছৰ, গৱেষক, শিক্ষাবিদ, অনুসন্ধান আৰু বিকাশ প্ৰতিষ্ঠান, ইনকিউবেটৰ, ষ্টাৰ্টআপ, ক্ষুদ্ৰ উদ্যোগী আৰু মিলেটৰ পৰিৱেশ প্ৰণালীত কাম কৰা এনজিঅ’ আদি বিভিন্ন অংশীদাৰক সফলতাৰে একত্ৰিত কৰে। এই স্বীকৃতিয়ে খাদ্য উদ্যোগত উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি নেচলে ইণ্ডিয়াৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

নেষ্টলে ইণ্ডিয়াই কৃষক আৰু স্থানীয় সম্প্ৰদায়ক সমৰ্থন, কৃষি খণ্ডৰ উন্নতি সাধন আৰু ইতিবাচক সামাজিক প্ৰভাৱ সৃষ্টি কৰাৰ বাবে এক বহনক্ষম আৰু বৈচিত্ৰ্যপূৰ্ণ খাদ্য বিকল্প মিলেটৰ প্ৰচাৰ কৰি আছে। মিলেটক মানুহে দ্ৰুতগতিত আঁকোৱালি লোৱা সন্দৰ্ভত মন্তব্য কৰি নেষ্টলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক সুৰেশ নাৰায়ণনে কয় যে, “আমি বিশ্বাস কৰোঁ যে কৰ্পৰেট, শিক্ষাবিদ আৰু কৰ্তৃপক্ষৰ মাজত অংশীদাৰিত্বৰ জৰিয়তে মিলেট বা “শ্ৰী অন্ন”ক সন্মুখলৈ অনাৰ এই গতি অব্যাহত ৰখাৰ প্ৰয়োজন।”  

নেষ্টলে ইণ্ডিয়াৰ মিলেট-কেন্দ্ৰীভূত এই ষ্ট্ৰেটেজী বা কৌশলৰ লক্ষ্য হৈছে বহনক্ষম খাদ্য বিকল্পৰ প্ৰচাৰ-প্ৰসাৰ কৰি খাদ্য উদ্যোগত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা, এছডিজি-৩, এছডিজি-৪ আৰু এছডিজি-৫ৰ দৰে এছডিজিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা, যিবোৰ সকলোৱে সুস্বাস্থ্য আৰু কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।