নেপালে ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, ইউটিউব আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছে। নেপাল চৰকাৰে বৃহস্পতিবাৰে (৫ ছেপ্টেম্বৰ) কয় যে ফেচবুক, এক্স, ইউটিউবকে ধৰি অধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লক কৰা হৈছে কাৰণ এই কোম্পানীসমূহে চৰকাৰত পঞ্জীয়ন কৰিবলৈ প্ৰয়োজনীয় নিয়ম মানি চলা নাই। মন্ত্ৰালয়ে জাৰি কৰা জাননীত কোৱা হৈছে যে এই ছ’চিয়েল মিডিয়া কোম্পানীসমূহক ২৮ আগষ্টৰ পৰা পঞ্জীয়ন কৰিবলৈ সাত দিনৰ সময় দিয়া হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে নিশা সময়সীমা শেষ হোৱাৰ সময়তো কোনো ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মে আবেদন দাখিল কৰা নাছিল। ইয়াৰ ভিতৰত আছে মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ), আলফাবেট (ইউটিউব), এক্স (পূৰ্বৰ টুইটাৰ), ৰেডিট আৰু লিংকডইন। অৱশ্যে মন্ত্ৰালয়ৰ তথ্য অনুসৰি টিকটক, ভাইবাৰ, ভিক্টাক, নিম্বুজ আৰু প’প’ লাইভৰ তালিকাত স্থান পোৱা গৈছে।
আনহাতে টেলিগ্ৰাম আৰু গ্ল’বেল ডায়েৰীয়ে আবেদন কৰিছে আৰু অনুমোদনৰ প্ৰক্ৰিয়াত আছে। ফেচবুকৰ লগতে অন্যান্য ছ’চিয়েল মিডিয়া কোম্পানীসমূহে এতিয়াও নেপাল চৰকাৰৰ এই সিদ্ধান্তক কোনো মন্তব্য কৰা নাই। মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই প্লেটফৰ্মসমূহে ছ’চিয়েল নেটৱৰ্ক ব্যৱহাৰ ব্যৱস্থাপনা নিৰ্দেশনা, ২০২৩ৰ অধীনত বাধ্যতামূলক পঞ্জীয়ন প্ৰক্ৰিয়া অনুসৰণ কৰা নাছিল। মন্ত্ৰালয়ে নেপাল দূৰসংযোগ প্ৰাধিকৰণক পঞ্জীয়নবিহীন সামাজিক মঞ্চসমূহ নিষ্ক্ৰিয় কৰিবলৈও নিৰ্দেশ দিছে। মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব এই নিষেধাজ্ঞা।
মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ কুমাৰ ঠাকুৰে কয় যে তালিকাভুক্ত পাঁচটা প্লেটফৰ্ম আৰু প্ৰক্ৰিয়া চলি থকা দুটা প্লেটফৰ্মৰ বাহিৰে নেপালত বাকী সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষ্ক্ৰিয় কৰা হ’ব। তেওঁ কয় যে যদি কোনো প্লেটফৰ্মে পঞ্জীয়ন সম্পূৰ্ণ কৰে তেন্তে সেইদিনা পুনৰ মুকলি কৰা হ’ব। পৰ্যবেক্ষকসকলে কয় যে এই সিদ্ধান্তই বিদেশত বাস কৰা, উপাৰ্জন কৰা বা পঢ়ি থকা লাখ লাখ নেপালীক নিশ্চিতভাৱে প্ৰভাৱিত কৰিব, কিয়নো তেওঁলোকৰ অধিকাংশই দৈনিক কথা-বতৰাৰ বাবে ফেচবুক মেচেঞ্জাৰ আৰু হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰে।
