প্ৰৱল ইচ্ছা ,আগ্ৰহ আৰু ধৰ্য্য থাকিলে যে দৰিদ্ৰা কেতিয়াওঁ সফলতাৰ হেঙাৰ হব নোৱাৰে তাকে পুনৰবাৰ প্ৰমান কৰি দেখুৱালে লাহৰীঘাটৰ এটি বি পি এল পৰিয়ালৰ ছাত্ৰই । NEET ২০২২ পৰীক্ষাত ৫৭৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে লাহৰীঘাটৰ দাতিয়ালবড়ী গাৱৰ ফাইজুৰ ৰহমান আৰু ৰহিমা খাতুনৰ একমাত্ৰ সন্তান ৱাহিদুৰ ৰহমানে । আজমল চুপাৰ ৪০ ৰ পৰা এইবাৰ সফলতাৰে উত্তীৰ্ণ হৈ কৃতী ছাত্ৰগৰাকীয়ে ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা কৰিছে । নিজৰ ভেটি মাটিৰ আধা অংশ বিক্ৰী কৰি পুত্ৰক পঢ়োৱাই আজিৰ এই সফলতাত পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গৰ মাজত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে ।