NEET-UGৰ কেলেংকাৰীকলৈ আৰম্ভ কৰা তদন্তত বহুজন গ্ৰেপ্তাৰ

117

NEET-UGৰ কেলেংকাৰীক লৈ আৰম্ভ কৰা তদন্তত এজনৰ পিছত সিজন লোক গ্ৰেপ্তাৰ হৈছে। যোৱা দেওবাৰৰে পৰা এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আয়ে গ্ৰহণ কৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া আৰু অধিক তীব্ৰতৰ হৈছে। ইফালে বিহাৰ আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ অপৰাধত ৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈ এই কেলেংকাৰীত জড়িত ১৯গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়েও লাতুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী শিক্ষকক। এই শিক্ষকগৰাকীৰ ফোনৰ পৰা নীটৰ পেপাৰ আৰু পেপাৰৰ বাবদ ধনৰ লেনদেন কৰাৰ তথ্য পোৱা গৈছে।