NDAত সন্মানজনক আসন লাভ নকৰিলে অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব LJPয়ে, মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব…

112

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে এতিয়া কোৰোনাৰ আতংককো উপেক্ষা কৰি নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰাজনৈতিক দলসমূহ। আনহাতে নিৰ্বাচনত কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তাক লৈও আৰম্ভ হৈছে জল্পনা কল্পনা। বিহাৰত এনডিএৰ সহযোগী দল লোক জনশক্তি পাৰ্টীৰ অধ্যক্ষ চিৰাগ পাছৱানে মঙলবাৰে বিজেপিৰ অধ্যক্ষ জে পি নড্ডাক সাক্ষাৎ কৰি আসনৰ ভাগ বতোৱাৰা সম্পৰ্কে নিজৰ প্ৰস্তাৱ উত্থাপন কৰে। তাৰ পিছতে এলজেপিৰ ৰাষ্ট্ৰীয় মুখপত্ৰ সঞ্জয় সৰাফে কয় যে যদি এলজেপিক এনডিএয়ে সন্মানজনক আসন প্ৰদান নকৰে, তেন্তে দলে বিহাৰৰ ১৪৩ খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু দলৰ অধ্যক্ষ চিৰাগ পাছৱান মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব।

জানিব পৰা মতে, আজি বিজেপিৰ অধ্যক্ষ জে পি নড্ডাক সাক্ষাৎ কৰি চিৰাগ পাছৱানে বিহাৰত ৪২ খন আসন দাবী কৰিছিল যদিও বিজেপিয়ে ২৭ খন বিধানসভা আসন আৰু ২খন এমএলচি আসন প্ৰদানৰহে আগ্ৰহ ব্যক্ত কৰে। এনে পৰিপ্ৰেক্ষিতত এলজেপি এনডিএ মিত্ৰজোঁটৰ সৈতে থাকিব নে নাই, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব। কিন্তু এলজেপিয়ে বিহাৰৰ আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও এনডিএৰ মিত্ৰতাত কোনো প্ৰভাৱ নপৰে বুলি মন্তব্য কৰিছে জনতা দল ইউনাইটেডে।