NCPৰ মুৰব্বী পদৰ পৰা মঙলবাৰে পদত্যাগ কৰে প্ৰবীণ ৰাজনীতিবিদ শৰদ পাৱাৰে।
মুম্বাইত দলীয় কাৰ্যকৰ্তাসকলৰ আগত তেওঁ কয়, ‘এন চি পিৰ সভাপতি পদৰ পৰা মই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো’।
পাৱাৰৰ এই সিদ্ধান্তৰ পিছত এন চি পিৰ সভাপতি জয়ন্ত পাটিল আৰু দলৰ নেতা জিতেন্দ্ৰ আৱাদে হতাশা ব্যক্ত কৰাৰ বিপৰীতে দলৰ সাংসদ প্ৰফুল্ল পাৱাৰে তেওঁক সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।
পাটিলে কয় যে পদত্যাগ ঘোষণা কৰাৰ পূৰ্বে পাৱৰে কাকো এই বিষয়ে অৱগত কৰা নাছিল।
অৱশ্যে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ নোলোৱাৰ কথা স্পষ্ট কৰি দিছে পাৱাৰে।
