এনচিপিৰ অধ্যক্ষ শাৰদ পাৱাৰক হত্যাৰ ভাবুকি অচিনাক্ত দুৰ্বৃত্তৰ।
মুম্বাই আৰক্ষীয়ে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ছিলভাৰ অকস্থিত বাসগৃহত ফোন কৰি হত্যাৰ ভাবুকি দিয়ে।
আৰক্ষীয়ে আৰু কয় যে ব্যক্তিজনৰ বিৰুদ্ধে আই পি চিৰ ২৯৪ আৰু ৫০৬(২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
খবৰ অনুসৰি অভিযুক্তই পিষ্টলৰে পাৱাৰক হত্যা কৰিব বুলি কয়।