নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক আৰু শ্লাইচৰ একত্ৰিকৰণৰ বাবে এনচিএলটিৰ সেউজ সংকেত

95

দেশৰ গ্ৰাহকসকলক ধন পৰিশোধ আৰু ঋণ প্ৰদান কৰা আগশাৰীৰ প্ৰতিষ্ঠান শ্লাইচৰ সৈতে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ একত্ৰিকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ(এনচিএলটি)-এ অনুমোদন জনাইছে। এনচিএলটিৰ গুৱাহাটী বিচাৰপীঠে এনইএছএফবি, শ্লাইচ আৰু শ্লাইৰ মূল প্ৰতিষ্ঠানকে ধৰি কেইবাটাও সত্তাৰ সৈতে জড়িত ব্যৱস্থা আৰু একত্ৰিকৰণ পৰিকল্পনা(স্কিম)ত অনুমোদন জনাইছে।

এই একত্ৰিকৰণ হৈছে এক কৌশলগত পদক্ষেপ, যিয়ে এনইএছএফবিৰ তৃণমূল পৰ্যায়ৰ বেংকিং অভিজ্ঞতাক শ্লাইচৰ ডিজিটেল দক্ষতাৰ সৈতে সংযুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতত বিত্তীয় সেৱা বৃদ্ধি কৰা। কম্পিটিচন কমিছন অৱ ইণ্ডিয়া(চিচিআই), ৰেজিষ্ট্ৰাৰ অৱ কোম্পানীছ (আৰঅ’চি), আঞ্চলিক সঞ্চালক (আৰডি) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) আৰু আয়কৰ বিভাগৰ আপত্তিহীন নথি লাভৰ পিছত এই একত্ৰিকৰণ কৰা হৈছে। এই সংযুক্ত সত্তাই উন্নত প্ৰযুক্তি-চালিত বিত্তীয় সমাধান প্ৰদান কৰিব বুলি আশা কৰা হৈছে, যিয়ে দেশজুৰি বিত্তীয় অন্তৰ্ভুক্তিত অৰিহণা যোগাব।

অসমৰ প্ৰেক্ষাপটত এইদৰে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলত এনইএছএফবিৰ উপস্থিতি শক্তিশালী কৰিবলৈ সাজু হৈছে, অঞ্চলটোৰ গ্ৰাহকসকলক বৰ্ধিত বিত্তীয় সেৱা আৰু ডিজিটেল বেংক অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু এনইএছএফবি। এই একত্ৰীকৰণে স্থানীয় বেংকিং খণ্ডত বিকাশ আৰু উদ্ভাৱন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত গ্ৰাহকসকলে এক বিস্তৃত পৰিসৰৰ সামগ্ৰী আৰু উন্নত সেৱাৰ মানদণ্ডৰ সৈতে যথেষ্ট পৰিমাণে লাভান্বিত হ’ব।