NCB বিষয়া সমীৰ ৱানখেডে মুছলমান হোৱাৰ প্ৰমাণ লৈ ন্যায়ালয়ৰ দাৰস্থ নৱাব মালিক

113

মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী নৱাব মালিকে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি) মুম্বাই ডিভিজনৰ সঞ্চালক সমীৰ ৱানখেডেৰ বিৰুদ্ধে অভিযোগ প্ৰমাণ কৰিবলৈ অতিৰিক্ত নথিপত্ৰ লৈ বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।

অভিযোগ অনুসৰি নথিপত্ৰবোৰত সমীৰ ৱানখেডেৰ বিদ্যালয়ত নামভৰ্তিৰ প্ৰমাণপত্ৰ আৰু বিদ্যালয় এৰাৰ প্ৰমাণপত্ৰ অন্তৰ্ভুক্ত আছে, য’ত তেওঁ এজন মুছলমান বুলি উল্লেখ কৰা হৈছে।

নৱাব মালিকে অভিযোগ কৰে যে মুছলমান ধৰ্মত জন্ম গ্ৰহণ কৰা স্বত্বেও ৱানখেডে অনুসূচীত জাতি বুলি দাবী কৰি চৰকাৰী চাকৰি লাভ কৰিছে।

নৱাব মালিকৰ অধিবক্তাই জাতিৰ প্ৰমাণপত্ৰ, পাছপোৰ্ট, বিদ্যালয় এৰাৰ প্ৰমাণপত্ৰ আদিসহ ২৮ খন নথি পত্ৰ আদালতত দাখিল কৰে য’ত তেওঁক মহাৰ সম্প্ৰদায়ৰ পৰা বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে, ২ অক্টোবৰত ক্ৰুজ ড্ৰাগছ গোচৰ পোহৰলৈ অহাৰ পিছত, সমীৰ ৱানখেডেক লৈ চৰ্চা আৰম্ভ হৈছিল। পিছত এই চৰ্চা হিন্দু- মুছলমান বিতৰ্কৰ আওতাত সোমাই পৰে।

দৰাচলতে, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী আৰু এনচিপি নেতা নৱাব মালিকে সমীৰ ৱানখেডে মুছলমান বুলি দাবী কৰি আহিছে।