NCBৰ জিম্মাত আৰিয়ানৰ সতে ভাইৰেল চেল্ফি তোলা কেপি গোচাভিৰ বিৰুদ্ধে পুনে আৰক্ষীৰ লুকআউট ন’টিচ

92

ক্ৰুজ পাৰ্টিৰ অভিযোগত NCB য়ে গ্ৰেপ্তাৰ কৰা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ সৈতে NCB ৰ কাৰ্যালয়ত চেল্ফি তোলা কেপি গোচাভিৰ বিৰুদ্ধে লুকআউট নটিছ জাৰি কৰিছে পুনে আৰক্ষীয়ে।

পুনেৰ আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তাই কয়, “২০১৮ চনত ফাৰাছখানা আৰক্ষী থানাত ৰুজু হৈ থকা প্ৰৱঞ্চনাৰ গোচৰৰ পলাতক কেপি গোচাভিৰ বিৰুদ্ধে আমি লুকআউট চাৰ্কুলাৰ জাননী জাৰি কৰিছো।”

উল্লেখ্য যে, কেপি গোচাভি আৰিয়ান খানৰ ড্ৰাগছ গোচৰত এনচিবিৰ এজন স্বতন্ত্ৰ সাক্ষী আছিল। মুম্বাই ড্ৰাগছ-অন-ক্ৰুজ গোচৰত আটক ৰখাৰ পিছত তেওঁ আৰিয়ান খানৰ সৈতে চেল্ফি তুলিছিল, যি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, মালয়েছিয়াত চাকৰি প্ৰদানৰ চলেৰে পুনেস্থিত চিন্ময় দেশমুখ নামৰ এজন ব্যক্তিক লুণ্ঠন কৰাৰ বাবে গোচাভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ২০১৮ চনতে। কেপি গোচাভিয়ে চাকৰি প্ৰদানৰ পাতিশ্ৰুতিৰে ব্যক্তিজনৰ পৰা ৩.০৯ লাখ টকা লৈছিল।