পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰি জালত পৰিল ভাৰতীয় নৌসেনাৰ জোৱান। পাক চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে মিতিৰালি কৰি ভাৰতৰ গোপন তথ্য যোগান ধৰাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটিএছে গ্ৰেপ্তাৰ কৰিছে নৌ সেনাৰ লেন্স নায়ক আদৰ্শ কুমাৰ ওৰফে লাকীক। জানিব পৰা মতে, কোচিৰ নৌসেনা কমাণ্ডত কৰ্মৰত অৱস্থাতে পাকিস্তানক গোপন তথ্য যোগান ধৰিছিল আগ্ৰাৰ নিৱাসী আদৰ্শ কুমাৰে।
বিগত কেইবাদিনো ধৰি লাকীৰ কাৰ্যকলাপৰ ওপৰত চোকা নজৰ ৰাখিছিল চোৰাংচোৱা বাহিনীয়ে। পাকিস্তানৰ আইএচআই হেণ্ডলাৰৰ সৈতে তেওঁৰ বেংক একাউণ্টত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ তথ্য এতিয়া তদন্তকাৰী সংস্থাটোৰ হাতত। কেৱল সেয়াই নহয়, লাকীয়ে ভাৰতীয় নৌসেনাৰ অত্যাধুনিক যুদ্ধজাহাজৰ কেতবোৰ অতি গোপনীয় আলোকচিত্ৰও শত্ৰু দেশক যোগান ধৰিছিল।
এটিএচৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই নৌসেনাৰ এই জোৱানজনক কৰায়ত্ত কৰা হৈছে। দেশ বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা তথ্য বিক্ৰী কৰা লাকীক আদালতে ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰ লগত আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো বৰ্তমান তীব্ৰ তদন্ত অব্যাহত আছে।
প্ৰতিৰক্ষা বিভাগৰ এজন দায়িত্বশীল জোৱানৰ এনে দেশদ্ৰোহী কাৰ্যই এতিয়া দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
