অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰস্তাৱিত গুৱাহাটী ভ্ৰমণক লৈ মঙলবাৰে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটত প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৰাজনীতিত ৰাষ্ট্ৰীয় নেতাতকৈ স্থানীয় নেতৃত্বৰ প্ৰাসংগিকতা বহু বেছি। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ ওলোটাই প্ৰশ্ন কৰে, “কিয়? তেওঁ ইয়াত ভোট দিব নেকি?”
মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ ভোটাৰৰ মাজত ৰাজ্যিক পৰ্যায়ৰ নেতাৰ প্ৰভাৱ অধিক শক্তিশালী বুলি মন্তব্য কৰি নিজকে আৰু আন বিৰোধী নেতাসকলকো ৰাষ্ট্ৰীয় নেতাতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয়, “অসমৰ ক্ষেত্ৰত মই এজন ডাঙৰ নেতা। ভূপেন বৰা এজন ডাঙৰ নেতা। আনকি দিলীপ শইকীয়াও এজন ডাঙৰ নেতা।” তেওঁৰ মতে, বাহিৰৰ পৰা অহা ৰাষ্ট্ৰীয় নেতাতকৈ অসমৰ জনসাধাৰণৰ ওচৰত স্থানীয় মুখবোৰহে বেছি পৰিচিত।
আগন্তুক নিৰ্বাচনী যুঁজৰ বাবে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ উভয়ে তৎপৰতা বৃদ্ধি কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। ৰাজনৈতিক বিশ্লেষকৰ মতে, ৰাষ্ট্ৰীয় হাইপ্ৰফাইল নেত্ৰীৰ ভ্ৰমণক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰকাৰান্তৰে নিৰ্বাচনী যুঁজখন স্থানীয় ইছ্যু আৰু নেতৃত্বৰ মাজতে সীমাবদ্ধ ৰাখিব বিচাৰিছে। প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণে কংগ্ৰেছ কৰ্মীৰ মাজত উৎসাহ যোগাব নে মুখ্যমন্ত্ৰীৰ এই প্ৰত্যাহ্বানেই সফল হ’ব, সেয়া সময়তহে স্পষ্ট হ’ব।
