সমগ্ৰ দেশৰ লগতে দেওবাৰে অসমতো ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। লোকনিৰ্মাণ বিভাগৰ দিছপুৰস্থিত সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানত এইবাৰৰ বিষয় ‘বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান’ সম্পৰ্কত বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ধ্ৰুৱজ্যোতি বৰাই। ভাষণ প্ৰসংগত ড° বৰাই কয় যে সাংবাদিকতাৰ বৃত্তিটো পৃথিৱীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিচাৰধাৰাৰ প্ৰৱাহৰ ওপৰত বেছি প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। বৰ্তমানৰ যুগটো ফাইনেন্স কেপিটেলৰ যুগ বুলি উল্লেখ কৰি তেওঁ কয় যে এই যুগৰ উদ্দেশ্য বিশ্বায়ন বা গোলকীকৰণ। অৰ্থাৎ ভাষা, ধৰ্ম, সংস্কৃতিৰ বৈচিত্ৰ্যবোৰ নাইকীয়া কৰি আমি সমগ্ৰ পৃথিৱী একেধৰণৰ উপভোক্তা হ’ব লাগে। আমাৰ লগত অনবৰতে থকা মোবাইলটোৱেও এইক্ষেত্ৰত অৰিহনা যোগাই আহিছে বুলি তেওঁ কয় যে আমি তথ্য-প্ৰযুক্তিক কিন্তু গ্ৰাস কৰিব দিব নালাগিব।
ইউৰোপত এই কথা বুজি উঠিছে বুলিও তেওঁ উল্লেখ কৰে। আমিও মোবাইলক আমাৰ চিন্তা-চেতনাক গ্ৰাস কৰিবলৈ এৰি দিব নালাগে। কাৰণ ই আমাৰ ভাষা, সংস্কৃতি সকলোকে দুৰ্বল কৰিব আৰু ভাষা দুৰ্বল হ’লে আমাৰ পৰিচয়, স্থিতি, ঐতিহ্য সকলো দুৰ্বল হ‘ব। নিজৰটো সত্য বুলি প্ৰতিপন্ন কৰাৰ প্ৰবৃতি আৰু প্ৰৱণতাই সমাজলৈ অশুভ ধাৰণা আনি দিব বুলি তেওঁ আৰু কয় য়ে সংবাদ মাধ্যমে সদায় প্ৰকৃত তথ্য দিয়াত আটাইতকৈ গুৰুত্ব প্ৰদান কৰিব লাগে। অনুষ্ঠানত প্ৰবীণ সাংবাদিক, প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাই তেওঁৰ চমু ভাষণত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা সংৰক্ষণৰ বাবে নৈতিক সাংবাদিকতালৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ আবশ্যকতাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ আৰু কয় যে সাংবাদিকসকল ৱাটছ্দগ হোৱাতকৈ মৌ মাখি হ’ব লাগে আৰু সমাজৰ প্ৰগতিৰ বাবে আৱশ্যকীয় বাতৰি প্ৰচাৰতহে গুৰুত্ব দিব লাগে। উত্তেজনাপূর্ণ সংবাদে নাগৰিকক বিভ্ৰান্ত কৰাৰ লগতে মাধ্যমটোৰ প্ৰতি জনবিশ্বাস নষ্ট কৰে।
অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে ভাষণ প্ৰদান কৰি প্ৰেছ দিৱস উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে ভ্ৰান্ত তথ্য বৃদ্ধিৰ এই যুগত সংবাদ মাধ্যম অধিক সতর্ক আৰু দায়িত্বশীল হ’ব লাগিব। সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা নিৰ্ভৰ কৰে তথ্যৰ সত্যতা নিখুতভাৱে পৰীক্ষা কৰাৰ ওপৰত। অনুষ্ঠানৰ আৰম্ভণীতে তথ্য, জনসংযোগ, মুদ্রণ ও লেখন সামগ্রী বিভাগৰ আয়ুক্ত-সচিব কুমাৰ পদ্মপাণি বৰাই আদৰণি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ ১৬ নৱেম্বৰৰ দিনটোৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে ক্ৰমাৎ বৃদ্ধি পোৱা ভূল তথ্যৰে জনসাধাৰণক মাজে-সময়ে বিপথে পৰিচালিত কৰা বৰ্তমানৰ এই সময়ছোৱাত তথ্যৰ সত্যতা আৰু বিশ্বাসযোগ্যতা অটুত ৰখাত সংবাদ মাধ্যমৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ।
