২৬ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা । এই সময়ছোৱাত বিভিন্ন গৱেষণাত ব্যস্ত মহাকাশচাৰীগৰাকী ।ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক লৈ ড্ৰেগন মহাকাশযানখনে উৰা মাৰিছিল । প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ডক কৰিছিল মহাকাশযানখনে । তেতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে আছে শুভাংশু শুক্লা আৰু তেওঁৰ সহযোগী মহাকাশচাৰীসকল ।অৱশ্যে শুভাংশু শুক্লা কেতিয়া পৃথিৱীলৈ উভতি আহিব তাক লৈ সকলোৰে মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে শুভাংশু শুক্লাৰ উভতনি যাত্ৰাক লৈ সকলো গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । তাৰ মাজতে নাছাই দিলে এটা ভাল খবৰ । অহা ১৪ জুলাইত মহাকাশচাৰী শুভাংশু শুক্লা আৰু এক্সিয়াম-৪ অভিযানৰ আন তিনিজন ক্ৰু মেম্বাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব ।
