প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : নিচা কৰাতো ষ্টাইল নহয়

104

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিচাজাতীয় সামগ্ৰী সেৱন আৰু এই সামগ্ৰীৰ অবৈধ বেহাৰ বিৰোধী বিশ্ব ড্ৰাগছ দিৱসৰ দিনটোত প্ৰসংগক্ৰমে- নিচাজাতীয় সামগ্ৰীৰ পৰা সৃষ্টি হোৱা বিপদ তথা সমস্যাসমূহ শেষ কৰিবলৈ তৃণমূল পৰ্যায়ত কাম কৰি থকা লোকসকলৰ প্ৰশংসা কৰে। লগতে তেওঁ কয়- ‘জীৱন সুৰক্ষিত কৰাৰ বাবে সকলো চেষ্টাই গুৰুত্বপূৰ্ণ। নিচাই নিজৰ জীৱনলৈ অন্ধকাৰ আৰু বিনাশ লৈ আহে। আহক আমি ভাৰতবৰ্ষক ড্ৰাগছমুক্ত দেশ এখন হিচাপে গঢ়ি তোলাত আগভাগ লওঁ।’
অন্যহাতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব ড্ৰাগছ দিৱসৰ সংগতি ৰাখি কয়- ‘মনত ৰাখিব নিচা কৰাতো ষ্টাইল নহয়।নিচাই পৰিৱেশো বিনষ্ট কৰে। ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টুইট যোগে প্ৰকাশ কৰে যে- ‘প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বাধীন চৰকাৰে সকলো ধৰণৰ নিচাজাতীয় পদাৰ্থ সম্পূৰ্ণৰূপে শেষ কৰাৰ বাবে এনচিবি কৰ্মচাৰীয়ে যিমান কাম কৰি আছে তাক প্ৰশংসা কৰিছে।’