আৰক্ষীয়ে জিম্মাত লোৱা পাছতে লকআপত বুধবাৰে নিশা অসুস্থ হৈ পৰে অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ পানবজাৰ মহিলা আৰক্ষী থানালৈ গৈছে চিকিৎসকৰ দল।
ইফালে কন্যাৰ অসুস্থতাৰ খবৰ পাই পুৱাই পানবজাৰ আৰক্ষী থানাত খাদ্যৰ টোপোলা লৈ উপস্থিত হয় মাতৃ। আৰক্ষীয়ে এতিয়ালৈকে নন্দিনীক লৈ কিদৰে তদন্ত আগবঢ়াইছে তাক লৈ কোনো তথ্য সদৰি কৰা নাই।
