নাগপুৰৰ হিংসাত্মক পৰিস্থিতি

8

নাগপুৰৰ হিংসাত্মক পৰিস্থিতি ৷ মহানগৰখনৰ কেইবাটাও অঞ্চলত জাৰি কৰা হৈছে সান্ধ্য আইন ।যাৰ বাবে প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাত মহানগৰৰ কেইবাটাও অঞ্চলত কাৰ্ফিউ জাৰি কৰে ৷কোতৱালি, গণেশপেঠ, তহচিল, লাকাডগঞ্জ, পাচপাওলি, শান্তিনগৰ, সক্কাৰদাৰা, নন্দনভান, ইমামোৱাৰা, যশোধৰানগৰ আৰু কপিলনগৰ আৰক্ষী থানা এলেকাত জাৰি কৰা হৈছে কাৰ্ফিউ বা সান্ধ্য আইন ।নিৰ্দেশ অনুসৰি, নিষেধাজ্ঞাৰ সময়ছোৱাত চিকিৎসাজনিত কাৰণৰ বাহিৰে আন কোনো ব্যক্তিয়ে ঘৰৰ পৰা ওলাই আহিব নালাগে, পাঁচজনতকৈ অধিক লোকো গোট খাব নালাগে । লগতে যিকোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আৰু এনে ধৰণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।