ৰেমাল’ৰ তাণ্ডৱত বিধ্বস্ত নগৰবেৰা

227

গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলাত বিচ্ছিন্ন কৰিছে যাতায়াত ব্যৱস্থা৷ জলজলী নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাত কামৰূপ জিলাৰ নগৰবেৰা আৰু বৰপেটা জিলাৰ আলোপতি মাজৰচৰ সংযোগী আৰু গোৱালপাৰাৰ জিলাৰ নবাগত শিমলীতোলা আৰু বৰপেটাৰ জিলাৰ বাঘমাৰাচৰ সংযোগী কেইবাখন প্ৰকাণ্ড প্ৰকাণ্ড বাঁহ কাঠৰ দলং উটি যোৱাত ব্যাহত হৈ পৰিছে সাধাৰণ যাতায়াত ব্যৱস্থা৷

জানিব পৰা মতে,জলজলী নদীৰ বাঢ়নি পানীত আলোপতি মাজৰচৰ বজাৰৰ পৰা নগৰবেৰা সংযোগী দুখন বৃহৎ দলং সম্পূৰ্ণৰূপে উটি যায়।আনহাতে বাঘমাৰাচৰৰ পৰা নবাগত শিমলীতোলা সংযোগী আন দুখন বাঁহ কাঠৰ দলঙো জলজলীৰ সোঁতে উটুৱাই নিয়ে।জলজলী নদীৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ চাৰিখনকৈ দলং উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।বাঁহ কাঠেৰে নিৰ্মিত চাৰিখন দলং উটি যোৱাত সম্প্ৰতি নাঁওৰে বিপদ সংকুলভাৱে পাৰাপাৰ হ’ব লগীয়া হৈছে শ শ যাত্ৰীৰ লগতে দক্ষিণ বৰপেটাৰ বৃহত্তৰ চৰাঞ্চলবাসী ৰাইজ৷

যাৰ ফলত প্ৰতি বছৰে বানপানী আহাৰ পিছত ভুটভুটি নাঁওৰে বিপদ সংকুল ভাৱে পাৰাপাৰ হব লগীয়া চৰাঞ্চলবাসী ৰাইজ৷আনকি ৰোগী বা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত যতেষ্ঠ অসুবিধাৰ সন্মখীন হোৱা বুলি স্হানীয় ৰাইজে জানিব

সেয়ে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা স্থায়ীভাৱে সুচল কৰিবলৈ আলোপতি মাজৰচৰ বজাৰৰ পৰা নগৰবেৰাক সংযোগ কৰি আনহাতে বাঘমাৰাচৰৰ পৰা নবাগত শিমলীতোলাক সংযোগ কৰি দুখন পকী দলং নিৰ্মাণ কৰিবলৈ স্হানীয় বিধায়ক, সাংসদৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অঞ্চলবাসী ৰাইজে দাবী জনাইছে৷