নাগালেণ্ড আৰু এছবিআই জেনেৰেল ইঞ্চুৰেন্সে মুকলি কৰিছে অভিনৱ পেৰামেট্ৰিক বীমা সমাধান

119

দুৰ্যোগৰ সময়ত বহনক্ষমতা বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(এনএছডিএমএ)ই এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ সৈতে নাগালেণ্ড ডিজেজষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স চল্যুচন(ডি আৰ টি পি আই এছ) কাৰ্যকৰী কৰাৰ বাবে ৩ বছৰীয়া চুক্তিত চুক্তিবদ্ধ হৈছে। এই অগ্ৰণী পদক্ষেপে সমগ্ৰ ৰাজ্যখনক প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষিত কৰিবলৈ সাজু কৰি তুলিব, এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত অন্যতম হৈছে খৰাং আৰু অত্যাধিক বৰষুণ।

ডিআৰটিপিআইএছ-এ এক পেৰামেট্ৰিক ইঞ্চুৰেন্সৰ সুবিধা প্ৰদান কৰি দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ সূচনা কৰিলে, যি ব্যৱস্থাত দ্ৰুত পুনৰুদ্ধাৰ নিশ্চিত হোৱাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা বিত্তীয় প্ৰভাৱ হ্ৰাস কৰে। এই পদ্ধতিৰ উদ্দেশ্য হৈছে বতৰৰ সঘনাই পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা বিবিধ সমস্যা-অসুবিধাৰ সমাধান কৰা, যাৰ ফলশ্ৰুতিত ২০১৮ আৰু ২০২১ৰ ভিতৰত নাগালেণ্ডত পানী আৰু জলবায়ু সম্পৰ্কীয় ঘটনা ২০০% বৃদ্ধি পাইছে। এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে, “পেৰামেট্ৰিক ইঞ্চুৰেন্স হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এক যুগান্তকাৰী পদক্ষেপ। এই অংশীদাৰিত্বই দুৰ্যোগৰ সময়ত দ্ৰুত পুনৰুদ্ধাৰ আৰু বিত্তীয় সাহায্যত সহায় কৰিব।”

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই এই বুজাবুজি চুক্তিক এক যুগান্তকাৰী পদক্ষেপ ৰূপে অভিহিত কৰিছে, যিয়ে নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনাৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিলে। এই অনুষ্ঠানত আইএএছ বিষয়া ব্যাসন আৰ আৰু এছবিআইৰ জেনেৰেল ইঞ্চুৰেন্সৰ প্ৰতিনিধিকে ধৰি জ্যেষ্ঠ বিষয়াসকলে অঞ্চলটোত দুৰ্যোগ বহনক্ষমতা শক্তিশালী কৰাৰ বাবে এক ঐক্যবদ্ধ প্ৰচেষ্টা হাতত লৈছে।