শাওনৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত দেশৰ বিভিন্ন ৰাজ্যত অতি শ্ৰদ্ধা আৰু বিশ্বাসেৰে নাগ পঞ্চমী পালন কৰা হয়। এইবাৰ নাগ পঞ্চমী ২০২৫ চনৰ ২৯ জুলাই তথা আজিৰ দিনটোত পালন কৰা হৈছে। কিয় নাগ পঞ্চমী পলন কৰা হয় জানো আহক।
এই উৎসৱ দেশৰ বহু ৰাজ্যত অতি শ্ৰদ্ধা আৰু বিশ্বাসেৰে পালন কৰা হয়। কোনো কোনো ঠাইত শুক্ল পক্ষৰ পঞ্চমীত এই উৎসৱ পালন কৰা হয়, কোনো কোনো ঠাইত কৃষ্ণ পক্ষৰ পঞ্চমীত নাগ পঞ্চমী উদযাপনৰ পৰম্পৰা আছে। আজিৰ দিনটোত নাগ দেৱতাক ৰীতি-নীতিৰে পূজা কৰা হয়।ধৰ্মীয় বিশ্বাস অনুসৰি নাগ পঞ্চমীৰ দিনা নাগ দেৱতাক পূজা কৰিলে ৰাশিত থকা কাল সৰ্প দোষৰ প্ৰভাৱ কমি যায় আৰু জীৱনলৈ সুখ আহে।নাগ পঞ্চমীৰ দিনা যদি কোনো ব্যক্তিয়ে গৰুৰ গাখীৰেৰে সাপক গা ধুৱাই তেন্তে সকলো সাপে তেওঁলোকৰ বংশক সুৰক্ষা দিয়ে আৰু লগতে তেওঁৰ পৰিয়ালৰ লোকে সাপৰ ভয়ৰ পৰা মুক্ত হয়।
