অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে! গৃহযুদ্ধত বিধ্বস্ত দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা জেনেৰেল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰৰ।জেনেৰল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰে দেশখনৰ পৰা জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক কাৰ্যকলাপৰ ওপৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই লৈছে। তাৰোপৰি অহা ডিচেম্বৰত দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে।
উল্লেখ্য যে, চুবুৰীয়া দেশখনত সশস্ত্ৰ বিদ্ৰোহী মিত্ৰজোঁটৰ লগতে গণন্ত্ৰৰ সমৰ্থকসকলে বিদ্ৰোহ অব্যাহত ৰাখিছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ গণতান্ত্ৰিক নেত্ৰী তথা দেশখনৰ প্ৰধানমন্ত্ৰী আং ছাং চ্যু কিৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ নেতৃত্বাধীন চৰকাৰখনক ভংগ কৰিছিল।
আৰম্ভ হৈছিল সামৰিক জুন্টাৰ শাসন। তাৰ মাজতেই বিভিন্ন বিদ্ৰোহী সংগঠনে সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিৰ মাজতেই যোৱা নৱেম্বৰত সেই দেশৰ তিনিটা মুখ্য বিদ্ৰোহী গোট একত্ৰিত হৈ ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ গঠন কৰে। এই গোটে সামৰিক জুন্টা চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰে অভিযান।
