চুবুৰীয়া ম্যানমাৰত অব্যাহত আছে সামৰিক জুণ্টাৰ নৃশংসতা। বুধবাৰে জুণ্টা বাহিনীয়ে চলোৱা আক্ৰমণত অতি কমেও ১২ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন লোক আহত হৈছে। জানিব পৰা মতে এটা বৌদ্ধ মন্দিৰত স্থাপন কৰা আশ্ৰয় শিবিৰত হোৱা বিমান আক্ৰমণত এই লোকসকলৰ মৃত্যু হয়। খবৰ অনুসৰি জুণ্টা বাহিনীয়ে চলোৱা বিমান আক্ৰমণৰ সময়ত মাণ্ডালে, মেগৱে, আৰু কাৰেনিৰ অঞ্চলসমূহক লক্ষ্য কৰি লোৱা হৈছিল। বাতৰি অনুসৰি সেনাই ধাৰাবাহিকভাৱে মোগকত বোমা নিক্ষেৰ কৰিছে। স্থানীয় সূত্ৰই অভিযোগ কৰিছে যে প্ৰতিৰোধমূলক গোটৰ বিৰুদ্ধে স্থল যুদ্ধত ভূখণ্ডৰ ক্ষতিৰ সন্মুখীন হোৱাৰ বাবে সেনাই ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হৈছে।
