দুই চুবুৰীয়া দেশৰ মাজত বৃদ্ধি পোৱা কূটনৈতিক তিক্ততাৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো স্পষ্ট হৈ পৰিছে। ২০২৬ চনৰ আই পি এলৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ দলৰ পৰা বাংলাদেশৰ তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিৱেশ আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা আক্ৰমণৰ পাছত ভাৰত চৰকাৰ তথা বিভিন্ন মহলত গঢ়ি উঠা জনমতৰ প্ৰতি লক্ষ্য ৰাখিয়েই ক্ৰিকেট ব’ৰ্ডে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই শনিবাৰে সদৰী কৰা মতে, বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুস্তাফিজুৰক দলৰ পৰা আঁতৰাই দিবলৈ কেকেআৰক কোৱা হৈছে। উল্লেখযোগ্য যে, যোৱা মাহত অনুষ্ঠিত খেলুৱৈৰ নিলামত তীব্ৰ প্ৰতিযোগিতাৰ অন্তত ৯.২০ কোটি টকাত কেকেআৰে বাওঁহতীয়া পেচাৰগৰাকীক ক্ৰয় কৰিছিল। ইফালে, কেকেআৰৰ সহ-গৰাকী শ্বাহৰুখ খানক লৈও এই নিযুক্তিৰ পাছতে একাংশ ৰাজনৈতিক নেতা সৰব হৈ পৰিছিল। বি চি চি আইয়ে অৱশ্যে কেকেআৰক মুস্তাফিজুৰৰ সলনি অন্য খেলুৱৈ বিচাৰিবলৈ অনুমতি প্ৰদান কৰিছে।
অন্যহাতে, বাংলাদেশৰ পৰা শ্বেখ হাছিনাৰ বহিষ্কাৰৰ পাছত নতুন চৰকাৰৰ সৈতে ভাৰতৰ সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ ফলত দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ ভৱিষ্যতো এতিয়া অনিশ্চিত হৈ পৰিছে। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে অহা ছেপ্টেম্বৰত ভাৰতৰ সৈতে শৃংখলা খেলিবলৈ দিন ধাৰ্য কৰিছে যদিও বি চি চি আয়ে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই। বৰঞ্চ ৰাজনৈতিক স্থিৰতা নহালৈকে কোনো ধৰণৰ ভ্ৰমণৰ বাবে ব’ৰ্ড মান্তি নহয় বুলিয়েই ইংগিত পোৱা গৈছে।
