সাৱধান!পুনৰ আজান বিতৰ্ক।
ৱাকফ আইনৰ বিতৰ্কৰ মাজতেই পুনৰ আজান বিতৰ্ক।
এফালে ৱাকফ আইনৰ প্ৰতিবাদ আনফালে মছজিদৰ লাউডস্পীকাৰক লৈ কঠোৰ প্ৰশাসন।
এতিয়াৰে পৰা অনুমতি নোলোৱাকৈ লাউডস্পীকাৰ আৰু চাউণ্ড চিষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব।
লাউডস্পীকাৰ লগোৱা সময়ত ১০০ বাৰ ভাৱক।
নহ’লে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা।
আৰক্ষীৰ পৰা অনুমতি লৈহে লগাব পাৰিব লাউডস্পীকাৰ।
নিশা ১০ৰ পৰা পুৱা ৬বজালৈ সকলো ঠাইতে লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা।
ইতিমধ্যেই দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত জাৰি কৰিছে নটিছ।
শব্দ প্ৰদূষণ ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ।
