‘মোডী জিন্দাবাদ’ আৰু ‘জয় শ্ৰীৰাম’ ধ্বনি নিদিয়াৰ বাবেই মৰিয়াই দাঁত ভঙা হল অটো চালকৰ!

126

ডিজিটেল ডেস্ক:- দেশত কোৰোনাৰ প্ৰভাৱে বিধস্ত কৰিছে অৰ্থনীতি। এফালে সংস্থাপনহীনতা আৰু আনফালে বজাৰত বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক। কিন্তু তাৰ মাজতে এটা সুখবৰো দেশবাসীয়ে লাভ কৰিলে। ৫০০ বছৰীয়া বিতৰ্কৰ অন্ত পেলাই ৰাম ৰাজ্যত স্থাপন কৰা হল ৰাম মন্দিৰৰ আধাৰশিলা।

কিন্তু কেৱল ধৰ্মৰ ভেটিতেই দেশ নচলে। এই মন্তব্য আমাৰ নহয়, বিৰোধীৰহে। দেশৰ ভাগি পৰা অৰ্থনীতিক পুনৰুদ্ধাৰৰ কামত অধিক গুৰুত্ব দিবলৈ বিৰোধীয়ে দাবী জনাই আহিছে মোদী চৰকাৰক। কিন্তু যি নহওক, উচ্চতম ন্যায়ালয়ৰ ৰায়দান আৰু অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ কাহিনী ইতিহাসৰ পাতত চিৰদিন লিপিবদ্ধ হৈ ৰব।

ভাৰতৰ সংবিধানে সকলো ধৰ্মকে সমানে মান্যতা প্ৰদান কৰে। সেয়ে ভাৰত এখন চেকুলাৰ দেশ। এই দেশত হিন্দুৱে ঈদত ইফটাৰৰ আয়োজন কৰে, মুছলমানেও দুৰ্গা পূজা অথবা গণেশ চতুৰ্থী উদযাপন কৰে। ভাৰত ভাতৃত্ববোধৰ দেশ। ভাৰত সম্প্ৰীতিৰ দেশ।

কিন্তু বিগত কিছু বছৰৰ পৰা ভাৰতৰ এই হিন্দু-মুছলিমৰ একতাৰ এনাজৰীডাল যেন কৰবাত শিথিল হৈ পৰিছে। এতিয়া ৰংবোৰ ভাগ ভাগ হৈ পৰিছে, অমতা জীৱ জন্তুবোৰৰো ধৰ্ম নিৰ্ধাৰণ কৰা হৈছে। গৰু যদি হিন্দুৰ মাতা, ছাগলী মুছলমানৰ হৈ পৰিছে।

এনে বিভেদনীতিৰ বাবেই লাহে লাহে এই দুই ধাৰ্মিক শ্ৰেণীৰ মাজত সৃষ্টি হৈছে বিদ্বেষৰ। গো-মাংস বিক্ৰী কৰাৰ অভিযোগত ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে মুছলমান যুৱকক। ধৰ্মৰ দোহাই দি হত্যা কৰা হৈছে নিৰীহ হিন্দুকো!

শেহতীয়াকৈ এনে এক ঘটনাই পুনৰ এবাৰ সংঘটিত হল ৰাজস্থানত। “জয় শ্ৰীৰাম” আৰু “মোদী জিন্দাবাদ” ধ্বনি নিদিয়াৰ বাবেই ৰাজপথত কিল, ভুকু, গোৰ শোধাই আহত কৰা হল এজন বৃদ্ধ মুছলিম অটো চালকক। যি ঘটনাই এতিয়া সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দৰাচলতে এই ঘটনা সংঘটিত হয় অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্যসূচীৰ এদিন পিছত, অৰ্থাৎ শুকুৰবাৰে। ৰাজস্থানৰ চিকৰ জিলাৰ জগমলপুৰাত সংঘটিত হয় এই ঘটনা। কেইজন অতি উগ্ৰবাদী হিন্দু যুৱকৰ হাতত প্ৰহৃত গফৰ আহমেদ নামৰ অটো চালকজনে এজাহাৰত উল্লেখ কৰা মতে, শুকুৰবাৰে বিয়লি তেওঁ ৰেলৱে ষ্টেচনত যাত্ৰীক নমাই উভতি অহাৰ সময়ত জগমলপুৰাৰ সমীপত কেইজন বলেৰ’ গাড়ীত অহা যুৱকে তেওঁক ৰখাই আৰু প্ৰথমে তেওঁৰ পৰা খৈনি বিচাৰে।

অটো চালকজনে খৈনি উলিয়াই দিয়াৰ পিছতে তেওঁক ‘মোদী জিন্দাবাদ’ ধ্বনি দিবলৈ কয় যুৱক কেইজনে। কিন্তু তেওঁ সেয়া কৰিবলৈ অমান্তি হোৱাত তেওঁক চৰিয়াবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক পুনৰ যুৱক কেইজনে “জয় শ্ৰী ৰাম” জপ কৰিবলৈ কয় আৰু প্ৰহাৰ কৰে। যুৱক কেইজনৰ প্ৰহাৰত ৫২ বছৰীয়া গফৰ আহমেদৰ ৩টা দাঁত ভাঙি যায় আৰু এটা চকু উখহি উঠে। আনকি যুৱক কেইজনে গফৰ আহমেদক পাকিস্তান গুচি যাবলৈও কয়।

এই ঘটনাৰ পিছত অটো চালকজনে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। গফৰ আহমেদৰ অভিযোগৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত এনে ঘটনা মৰ্মন্তুদ। ইয়াৰ পূৰ্বেও দিল্লী, উত্তৰ প্ৰদেশত এনে ঘটনা বহুবাৰ সংঘটিত হৈছে। যাৰ পিছত দুই-চাৰিদিনৰ বাবে অভিযুক্তক কাৰাগাৰৰ ভিতৰত ভৰালেও ওলাই অহাৰ পিছত স্বয়ং বিধায়কেই ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ ঘটনাও এইখন দেশতে সংঘটিত হৈছে।

দেশৰ শিক্ষা, অৰ্থনীতি, বাণিজ্য আদি ভুৰুত্বপূৰ্ণ বিষয়ক বাদ দি কেৱল ধৰ্মৰ ৰাজনীতি কৰাৰ বাবেই ঠায়ে ঠায়ে এনে ঘটনাৰ পৰিমাণ বৃদ্ধি পোৱা বুলিও বিভিন্নজনে কব বিচাৰে। কিন্তু সেয়া যিয়েই নহওক, চৰকাৰে এনে ঘটনা প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহন কৰাটো সকলোৱে বিচাৰে।