সোণাৰিত সঙ্গীত কৰ্মশালা

247

ভাতখাণ্ডে সঙ্গীত মহাবিদ্যালয়, সোণাৰি শাখাৰ চতুৰ্থ বাৰ্ষিক সাংস্কৃতিক আৰু ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণী আৰু সঙ্গীত কৰ্মশালাৰ সামৰণি অনুষ্ঠান |  গ্ৰীষ্মকালীন সময়ছোৱাৰ সদব্যৱহাৰ আৰু সুপ্ত প্ৰতিভাসমূহ বিকাশৰ অৰ্থে সপ্তাহযোৰা কাৰ্যসূচীৰে এলানি অনুষ্ঠান আয়োজন কৰাৰ অন্তত আয়োজন কৰা সামৰণি অনুষ্ঠানটি বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে বদন বৰাই৷ জিকমিক সমাদৃতা গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে সোণাৰি ভাতখাণ্ডে সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ মহনে৷

পূৰ্বাঞ্চল হাইস্কুলৰ প্ৰধান শিক্ষক উৎপল ফুকন আৰু সমাজকৰ্মী স্বপন কৰে বিশিষ্ট অতিথিৰ ভাষণত ছাত্ৰ-ছাত্ৰী সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে সঙ্গীত চৰ্চাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷ ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন সময়ছোৱাৰ সদব্যৱহাৰ আৰু সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে সোণাৰি ভাতখাণ্ডে সঙ্গীত মহাবিদ্যালয়ে সপ্তাহযোৰা এক কাৰ্যসূচী গ্ৰহণ কৰে৷ এই কাৰ্যসূচী অনুসৰি ১৪ জুলাইত সোণাৰি এলিট একাডেমিত উজনি অসম ভিত্তিত শতাধিক প্ৰতিযোগীক লৈ এক চিত্ৰাঙ্কণ প্ৰতিযোগিতা আয়োজন কৰা হয়৷ একেদৰে ১৮, ১৯ আৰু ২০ জুলাইত সোণাৰি চাহ মজদুৰ সংঘৰ সভাগৃহত পাৰ্ৱতি প্ৰসাদ, জ্যোতি প্ৰসাদ, বিষ্ণু প্ৰসাদ আৰু এমুঠিমান চিৰসেউজ অসমীয়া গীতৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হয়৷

প্ৰায় আশী গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থকা এই কৰ্মশালাত প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে বিশিষ্ট সঙ্গীত শিল্পী তথা ২০২৪ বৰ্ষৰ ‘চৰাইদেউ ৰত্ন’ বঁটা প্ৰাপক প্ৰশান্ত ৰাজখোৱাই৷ এই অনুষ্ঠানতে সোণাৰি ভাতখাণ্ডে সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে একক আৰু দলীয়ভাৱে প্ৰদৰ্শন কৰা গীত, নৃত্য, তবলা বাদন, গীতাৰ বাদনে উপস্থিত অভিভাৱক আৰু দৰ্শকক আপ্লুত কৰে৷ অনুষ্ঠানৰ শেষত ভাতখাণ্ডে সঙ্গীত মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰতিযোগিতা আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰাৰ লগতে সঙ্গীত কৰ্মশালাৰ অংশগ্ৰহণকাৰী সকলক মানপত্ৰ প্ৰদান কৰা হয়৷