মুন্দ্ৰা বন্দৰ হৈছে আদানি পোৰ্টছ এণ্ড স্পেচিয়েল ইক’নমিক জ’ন লিমিটেড (APSEZ)ৰ ফ্লেগশ্বিপ(অন্যতম) বন্দৰ। এই আদানি বন্দৰ মুন্দ্ৰাত সৰ্ববৃহৎ সামগ্ৰী কঢ়িওৱা জাহাজ এম ভি এম এছ চি হামবাৰ্গক সফলতাৰে স্থাপন বা প্ৰতিষ্ঠা কৰোৱা হৈছে। ২০১৫ চনত নিৰ্মাণ কৰা এই জাহাজখন ২০২৩ চনৰ ২ জুলাইত বন্দৰটোত লংগৰ(এংকৰ) পেলাইছিল আৰু এয়া গুজৰাটৰ মুন্দ্ৰাৰ আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক মণ্ডলৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য। প্ৰায় ১৫,৯০৮ টি ই ইউ, ১২ মিটাৰ ড্ৰাফ্ট(পানীৰ গভীৰতাত), ৩৯৯ মিটাৰ এল অ’এ আৰু ৫৪ মিটাৰ প্ৰস্থৰ কণ্টেইনাৰ জাহাজ এম ভি এম এছ চি হামবাৰ্গক সফলতাৰে স্থাপন কৰি সামুদ্ৰিক পৰিবহণ খণ্ডত নিজৰ কাৰ্যক্ষমতা প্ৰদৰ্শন কৰিছে। মুন্দ্ৰা বন্দৰত প্ৰতিষ্ঠা কৰা এইখনে এতিয়ালৈকে সৰ্ববৃহৎ জাহাজ।
এপছেজ(এপছেজ)ৰ লক্ষ্য হৈছে দেশৰ উন্নয়নৰ বাবে বন্দৰ সেৱা আৰু সুযোগ-সুবিধাবোৰ অনুকূলিত কৰা। মুন্দ্ৰা বন্দৰে ২৪ ঘণ্টাত ৪০খন জাহাজৰ চলাচল পৰিচালনা কৰে। এই বন্দৰৰ উন্নত আন্তঃগাঁথনিয়ে ভাৰতৰ বৰ্ধিত সামুদ্ৰিক উদ্যোগ আৰু বাণিজ্যক প্ৰতিফলিত কৰে। শেহতীয়াভাৱে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ বাবে সাময়িকভাৱে সেৱা স্থগিত ৰখাৰ পিছত বন্দৰটোৱে পুনৰ কাম আৰম্ভ কৰিছে আৰু বিভিন্ন অঞ্চলৰ পৰা কণ্টেইনাৰ বা জাহাজৰ আগমন আৰু প্ৰস্থান নিশ্চিত কৰে।
আদানি গ্ৰুপৰ অংশ আদানি প’ৰ্টছ এণ্ড স্পেচিয়েল ইক’নমিক জ’ন লিমিটেডে (এপিএছইজেড) বন্দৰ প্ৰতিষ্ঠানৰ পৰা এক সমন্বিত পৰিবহন উপযোগী(ইণ্টিগ্ৰেটেড ট্ৰান্সপোৰ্ট ইউটিলিটি)লৈ ৰূপান্তৰিত হৈছে, যিয়ে বন্দৰৰ প্ৰৱেশদ্বাৰৰ পৰা গ্ৰাহকৰ সমুখলৈ এণ্ড-টু-এণ্ড(প্ৰথমৰ পৰা শেষলৈ) সমাধান আগবঢ়াইছে।
