ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা (প্ৰায় ২.৫ একৰ) মাটি আবণ্টন দিছে বুলি দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে। এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমি অসম চৰকাৰক ৬০ বছৰৰ বাবে পট্টাত আবণ্টন দিয়া হৈছে।
তেওঁ কয় যে মুম্বাইৰ কোলাবাৰ এক প্ৰধান স্থানত অৱস্থিত এই ভূমিত ৰাজ্যখনৰ নাগৰিকৰ প্ৰত্যক্ষ সুবিধাৰ বাবে প্ৰয়োজনীয় ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ পথ মুকলি কৰিব।
অসমৰ মুখ্য সচিবে ৰাইজৰ দীৰ্ঘম্যাদী প্ৰয়োজন পূৰণৰ বাবে এটা নিৰ্দিষ্ট কেন্দ্ৰ বা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভূমি আবণ্টন বিচাৰি কেন্দ্ৰীয় মন্ত্ৰালয়ক কৰা অনুৰোধৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
