হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গুৱাহাটী পৌৰ নিগমে শুভাৰম্ভ কৰিলে ‘মুক্তিৰথ – মায়াবিনী’ নামেৰে বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভ। এই সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ফেডাৰেল বেংকৰ পল্টনবজাৰ শাখাৰ সামাজিক দায়বদ্ধতা আঁচনি (CSR)-ৰ অধীনত প্ৰদান কৰা এই বাহনখন পৰিচালনা কৰিব গুৱাহাটী পৌৰ নিগমে । লগতে, ‘ডিপাছা অযুতবৃক্ষ’ কাৰ্যসূচীৰ উদ্যোগত প্ৰাণৰ শিল্পী প্রয়াত জুবিন গাৰ্গদেৱৰ স্মৃতিত ১০০ জোপা নাহৰ গছৰ পুলি বিতৰণ কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
