মুকেশ আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (Q1FY26) বিপুল লাভ অৰ্জন কৰিছে। কোম্পানীটোৰ নিকা লাভ ৭৮.৩২% বৃদ্ধি পাই ২৬,৯৯৪ কোটি টকা হৈছে। ইয়াৰ বিপৰীতে যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ আছিল ১৫,১৩৮ কোটি টকা। আনহাতে কোম্পানীটোৰ মুঠ কাৰ্যকৰী আয়ো বৃদ্ধি পাইছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৰিলায়েন্সৰ কাৰ্যকৰী আয় ২,৪৮,৬৬০ কোটি টকা, যিটো যোৱা বছৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত আছিল ২,৩৬,২১৭ কোটি টকা। অৰ্থাৎ বছৰি ৫.২৭% আয় বৃদ্ধি পাইছে কোম্পানীটোৰ।মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (Q1FY26) ব্যাপক লাভ অৰ্জন কৰিছে। কোম্পানীটোৰ নিকা লাভ ৭৮.৩২% বৃদ্ধি পাই ২৬,৯৯৪ কোটি টকা হৈছে।
