কেন্দ্ৰৰ মোদী চৰকাৰৰ পাঁচ পাণ্ডৱৰ ভিতৰত অমিত শ্বাহে ৰচিলে ইতিহাস। আন দুগৰাকী মন্ত্ৰীও শীঘ্ৰেই অভিলেখৰ গৰাকী হোৱাৰ দিশে। পিছে কিহৰ ক্ষেত্ৰত এই অভিলেখ ৰচিছে এইকেইজন মন্ত্ৰীয়ে, জানক সবিশেষ-সম্পূৰ্ণ ছবছৰ গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰি শ্বাহ হৈ পৰিছে একেৰাহে সৰ্বাধিক কাল এই পদত থকা ভাৰতৰ প্ৰথমগৰাকী নেতা।২০১৯ চনৰ ৩০ মে’ত অমিত শ্বাহে গৃহমন্ত্ৰী হিচাপে শপত লয়। বৰ্তমান তেওঁ এই পদত ২২৫৮ দিন সম্পূৰ্ণ কৰিছে। তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ অভিলেখো ভংগ কৰে। ২২৫৬ দিন দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আদৱানীয়ে। তেওঁৰ পিছতে আছে কংগ্ৰেছৰ প্ৰবীণ নেতা গোবিন্দ বল্লভ পন্ত।অমিত শ্বাহৰ পিছতে এই অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে মোদী চৰকাৰৰ আৰু দুজন মন্ত্ৰী। এই দুই মন্ত্ৰী হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। যদি দুয়োজনে ২০২৯ চনলৈকে কাৰ্যকাল সম্পূৰ্ণ কৰে, তেন্তে তেওঁলোক হ’ব সৰ্বাধিককাল কাৰ্যনিৰ্বাহ কৰা প্ৰতিৰক্ষা আৰু বিত্ত মন্ত্ৰী।সবাতোকৈ দীৰ্ঘদিন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিলেখ আছে এ কে এণ্টনীৰ নামত। ২০০৬ চনৰ ২৫ অক্টোবৰৰ পৰা ২০১৪ চনৰ ৮ নৱেম্বৰলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। অৰ্থাৎ প্ৰায় চাৰে সাত বছৰ।একে সময়তে ২০১৯ চনত দেশৰ বিত্তমন্ত্ৰী হোৱা নিৰ্মলা সীতাৰমণ এই পদত থকা ৬ বছৰ হ’ল।
