প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত তাৰ পৰা পোনে পোনে মেঘনানী নগৰ অঞ্চলৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাস্থলীত পৰিস্থিতিৰ বুজ লৈ তেওঁ চিকিৎসালয়লৈ ৰাওনা হয় আৰু চিকিৎসাধীন হৈ থকা আহত লোকসকলকো সাক্ষাৎ কৰে। বৃহস্পতিবাৰে সংঘটিত হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এইপৰ্যন্ত ২৬৫ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। এই দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ দেশক। এই ঘটনাৰ পিছত আজি আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত চিকিৎসাধীন হৈ থকা আহত লোকসকলকো সাক্ষাৎ কৰে।
