‘অব কোই বাহানা নহী’-লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে  পণ এমএছডিইৰ

316

 ‘লিংগ-ভিত্তিক হিংসাৰ বিৰুদ্ধে ১৬ দিনৰ সক্ৰিয়তা’ শীৰ্ষক বাৰ্ষিক অভিযানৰ অংশ ৰূপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন আইন, ২০২০ৰ অধীনত নিজৰ বিষয়াসকলৰ বাবে দুদিনীয়া সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ আয়োজন কৰে। ২০১৩ চনত মন্ত্ৰালয়ৰ বিষয়াসকলে ‘অব কোই বাহানা নহী’শীৰ্ষক শক্তিশালী বাক্যাংশৰ জৰিয়তে লিংগভিত্তিক হিংসাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানত এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰসংঘৰ মহিলা প্ৰতিনিধিসকলো উপস্থিত থাকে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, “সকলো কৰ্মচাৰীৰ বাবে এক সুৰক্ষিত নিৰাপদ পৰিৱেশ কৰ্মক্ষেত্ৰৰ সংস্কৃতিৰ অংশ হোৱাটো প্ৰয়োজনীয়।”

এমএছডিইয়ে যৌন উৎপীড়নৰ সংজ্ঞা নিৰ্ধাৰণ আৰু অভিযোগ প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে যাৰ লক্ষ্য হৈছে মহিলাসকলৰ বাবে এক নিৰাপদ কৰ্মক্ষেত্ৰ সৃষ্টি কৰা আৰু সৰ্বাংগীন বিকাশক আগুৱাই লৈ যোৱা। ৰাষ্ট্ৰসংঘৰ ৱমেন ইণ্ডিয়া কাৰ্যালয়ৰ ডেপুটি-কাণ্ট্ৰী ৰিপ্ৰেজেণ্টেটিভ কান্ত সিঙে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন প্ৰতিৰোধৰ ক্ষেত্ৰত এমএছডিইৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰি নিজৰ কৰ্মচাৰীসকলৰ বাবে সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণৰ ওপৰত আলোকপাত কৰে। মহিলাৰ মানসিক স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত যৌন নিৰ্যাতনৰ প্ৰভাৱ আৰু ভৱিষ্যতৰ কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণত বাধাৰ সৃষ্টি কৰিব পৰা বিভিন্ন সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।